পি ভি সিন্ধু

টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত । ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাত ভাৰতীয় দলৰ ১১৯ গৰাকী এথলীটে অংশ ল’ব এইবাৰৰ প্ৰতিযোগিতাত । বিশ্ব ক্ৰীড়াৰ সৰ্বোচ প্ৰতিযোগিতা খনত ভাৰতে ৮৫ টা পদক লাভৰ যুঁজত অবতীৰ্ণ হ’ব । ভাৰতীয় দলটোত আছে ৬৭ গৰাকী পুৰুষ আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগীয়ে অংশ লোৱাৰ বাবে সাজু হৈছে । প্ৰত্যেকেই এটা অলিম্পিক মেডল নিজৰ শীৰত আনিবলৈ চেষ্টা চলাইছে ।সফল হ’ব কিমান গৰাকী । ২০১৬ ৰিঅ’ অলিম্পিকত ভাৰতে পি ভি সিন্ধুৰ ৰূপ আৰু সাক্ষী মাল্লিকৰ ব্ৰঞ্জৰ পদকেৰে উভতি আহিব লগা হৈছিল ।

বৰ্তমান সময়ত এইবাৰৰ তালিকাত নাম থকা খেলুৱৈসকলৰ মাজত পদক লাভ কৰাৰ সম্ভাব্যৰ তালিকাত কোন আছে , কোন গৰাকী খেলুৱৈয়ে দেশৰ নাম উজ্বলাবলৈ সক্ষম হব এইবাৰ টকিঅ’ অলিম্পিকত ।

পি ভি সিন্ধু

পি ভি সিন্ধু
ভাৰতীয় বেডমিন্টন ষ্টাৰ খেলুৱৈ গৰাকীৰ পৰাও দেশবাসীৰ আশা পদক লাভৰ । ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী সিন্ধুৱে এইবাৰো ছিংগলছত প্ৰতিদ্বন্দিতা আগবঢ়াব। ২৬ বছৰীয়া সিন্ধু বৰ্তমান বিশ্ব ৰেংকিঙত ৬ নম্বৰ স্থানৰ খেলুৱৈ । যোৱা বছৰ অল ইংলেন্ড চেম্পিয়ন শ্বিপত ছেমিফাইনেললৈকে উত্তীৰ্ণ হোৱা সিন্ধুৱে অলিম্পিকত সহজেই কোৱাটাৰ ফাইনেললৈকে আগুৱাব পাৰিব বুলি আশা কৰা হৈছে । তাৰ পিছৰ চোৱাত অভিজ্ঞতা আৰু প্ৰদৰ্শনে পদক লাভৰ দিশত আগুৱাই যাব পাৰিব বুলি ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ বিশ্বাস ।সিন্ধুৱে অহা ২৫ জুলাই ইজৰাইলৰ প’লিকাৰ্পভা ছেনিয়াৰ বিপক্ষে প্ৰথমখন মেছত অবৰ্তীণ হ’ব ।

মেৰী ক’ম

মেৰী ক’ম

বিশ্ব বক্সিং জগতৰ এক নমস্য নাম মেৰী ক’ম । মণিপুৰৰ বক্সাৰ গৰাকীয়ে এইবাৰো ভাৰতীয় ক্ৰীড়াপ্ৰেমীক হতাশ নকৰে বুলিয়েই ধৰি লৈছে সকলোৱে ।২০১২ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মেৰীৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট আশাব্যঞ্জক । ৬ বাৰৰ বিশ্ব চেম্পিয়ন মেৰীয়ে এইবাৰ ভাৰতীয় দলৰ পতাকা বহন কৰিব । এচিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী মেৰী ক’মৰ ৫১ কেজি শাখাত ছেমিফাইনেল স্তৰলৈ যোৱাত কোনো বাধাই ৰখাব নোৱাৰে বুলি আশা ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ ।

আৰ্চাৰ দম্পতী দীপিকা কুমাৰী আৰু অতনু দাস

দীপিকা কুমাৰী

পদক লাভৰ দিশত এইবাৰ এখোজ আগত আছে ভাৰতীয় আৰ্চাৰ দম্পতী দীপিকা কুমাৰী আৰু অতনু দাস । মহিলা ৰিকাৰ্ভ শাখাত সোণৰ পদক যুঁজত অবতীৰ্ণ হোৱাৰ সম্ভাবনা দেখিছে ভাৰতীয় ক্ৰীড়া প্ৰেমীয়ে । বিশ্ব ৰেংকিঙত বৰ্তমান শীৰ্ষ স্থানত থকা দীপিকাৰ শেহতীয়া প্ৰদৰ্শন একক আৰু যুটীয়া দুয়োটাতে দেখুওৱা প্ৰদৰ্শনক লৈ সকলো আশাবাদী । দীপিকাৰ সৈতে এই ইভেন্টৰ ডাবলছত থকা যুটীৰ সদস্য অতনু দাস আৰু দীপিকাৰ শেহতীয়া প্ৰদৰ্শনলৈ চাই আৰ্চাৰীৰ জৰিয়তে ভাৰতে এইবাৰ জাপানৰ মাটিত বিজয় ধ্বজা উৰুৱাব । দুয়োমিলি ৰিকাৰ্ভৰ ডাবলছ শাখাত পদক লাভ কৰিলে ভাৰতৰেই নহয় বিশ্ব ক্ৰীড়াৰ ইতিহাসত একেটা অলিম্পিকত যুটী বান্ধি একেটা ইভেন্টতে জয় লাভ কৰাৰ এক নতুন ইতিহাস ৰচনা কৰাৰ সুযোগ সময় দুয়োটাই আহিছে ।

ভাৰোত্তলক মীৰাবাই চানু

মীৰাবাই চানু

মণিপুৰৰ ভাৰোত্তলক মীৰাবাই চানু এইবাৰৰ অলিম্পিকৰ সম্ভাব্য পদক লাভৰ তালিকাত থকা সকলৰ মাজৰ অন্যতম খেলুৱৈ । ২০১৬ চনৰ ৰিঅ’অলিম্পিকত ব্যৰ্থ হোৱাৰ পিছৰে পৰা মীৰাবাইয়ে নিজকে বিশ্ব দৰবাৰত কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ সংগ্ৰামত ব্যস্ত আছিল ।২০০০ চনত কাৰ্নাম মালেশ্বৰীৰ পিছত মীৰাবাইৰ জৰিয়তে ভাৰতীয় ভাৰোত্তলনত টকিঅ’ত বিজয়ীৰ পতাকা উৰিব বুলি ক্ৰীড়া প্ৰেমী নিশ্চিত হৈছে ।বৰ্তমান সময়ত বিশ্ব ৰেংকিঙত চতুৰ্থ স্থানত থকা মীৰাবাইয়ে ২০১৯ বৰ্ষত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছৰে পৰা নিজকে প্ৰতিষ্ঠা কৰাত লাগি গৈছিল । ৪৯ কেজি শাখাত খেলিবলগীয়া খেলুৱৈ গৰাকীৰ মূল প্ৰতিদ্বন্দীৰূপে থকা উত্তৰ কোৰিয়াৰ খেলুৱৈয়ে অংশগ্ৰহন নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছত মীৰাবাইৰ ক্ষেত্ৰত যথেষ্ট সম্ভাবনা আহি পৰিছে ।

ভিনেছ ফ’গাট

ভিনেছ ফ’গাট

ভাৰতীয় মল্লযুজাৰু সকলৰ ভিতৰত হাৰিয়ানাৰ ফ’গাট পৰিয়ালৰ অবদান দেশৰ বাবে গৌৰবৰ বিষয় । এই পৰিয়ালটোৰ বহুজন সদস্যই দেশৰ ক্ৰীড়াজগতত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে । বিখ্যাত গীতা-ববিতা ফ’গাটৰ সম্পৰ্কীয় ভগ্নী ভিনেশৰ বাবে পৰিয়ালৰ লগতে দেশৰ নাম উজ্বলোৱাৰ সুযোগ । ৫৩ কেজি শাখাত অংশ ল’বলগা ভিনেশ দৃঢ় প্ৰতিজ্ঞ এইবাৰ অলিম্পিক ইতিহাসত প্ৰথমটো সোণৰ পদক মল্লযুঁজৰ দ্বাৰা ভাৰতৰ বাবে কঢ়িয়াই অনাত । বৰ্তমান সময়ত বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত আছে ভিনেশ ফ’গাট । অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ দিন ধৰি কেনেদৰে এই লক্ষ্যত উপনীত হ’ব পাৰি তাৰ সংগ্ৰামত ব্যস্ত মল্লযুঁজাৰু ভিনেশ ফ’গাট ।

লগতে পঢ়ক পৃথিবীলৈ অশনি সংকেত: কানাডাত ঘাতক তাপপ্ৰবাহ

বজৰংগ পুনিয়া

বজৰংগ পুনিয়া

অলিম্পিকৰ প্ৰথম যাত্ৰাতে পদক লাভ কৰিব বুলি স্পষ্ট কৰিছে ভাৰতীয় মল্লযুজাৰু বজৰংগ পুনিয়াই । ৬৫ কেজি শাখাত বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত থকা বজৰংগ পুনিয়াই ২০১৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আহিছে । শাৰিৰীক ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো নিজকে অলিম্পিকৰ বাবে সাজু কৰিছে পুনিয়াই ।

সৌৰভ চৌধুৰী আৰু মানু ভাক্কাৰ

সৌৰভ চৌধুৰী আৰু মানু ভাক্কাৰ

শ্বুটিঙৰ ১০ মিটাৰ পুৰুষৰ এয়াৰ পিষ্টল শাখাত প্ৰতিদ্বন্দিতা কৰিবলগা খেলুৱৈ গৰাকীৰ পৰাও পদক আশা সকলোৰে । ১৯ বছৰীয়া সৌৰভৰ স্থান বিশ্ব ৰেংকিঙত দ্বিতীয় । যোৱা জুন মাহত পঞ্চম বিশ্ব কাপত সৌৰভে ২টাকৈ সোণ আৰু ২টাকৈ ৰূপৰ পদক জয়ী হৈ নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে । ৰাইফল এছ’চিয়েচন অব ইন্ডিয়াৰ অধীনত নিয়মীয়া প্ৰস্তুতিত ব্যস্ত সৌৰভৰ শেহতীয়া প্ৰদৰ্শন কৰা তেওৰ খেলৰ স্তৰক লৈয়েই সকলোৱে আশা কৰিছে টকিঅ’ৰ মাটিত ভাৰতীয় পতাকা এইবাৰ উৰুৱাব । সেইদৰে সৌৰভৰ সৈতে যুটী বান্ধি ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেন্টত অংশ ল’ব লগা মানু ভাক্কাৰৰ পৰাও পদক লাভৰ আশা ক্ৰীড়া প্ৰেমীয়ে।এইবাৰ ভাৰতীয় দলটোত ১৫ গৰাকী খেলুৱৈয়ে শ্বুটিঙত অংশ লব। সৌৰভ আৰু মানুৰ যুটীয়ে একেৰাহে পাঁচবাৰকৈ বিশ্বকাপত সোণৰ পদক জয়ী হবলৈ সক্ষম হৈছে। সদ্য সমাপ্ত অছিজেক বিশ্বকাপতো সৌৰভ মানুৰ যুটীয়ে ৰূপৰ পদক জয়ী হৈছিল। দুয়ো গৰাকীৰ প্ৰদৰ্শন আৰু দুয়োৰে মাজত খেলপথাৰত থকা বুজাবুজি বিপক্ষৰ বাবে এইবাৰো শংকাৰ কাৰন হৈ পৰিব ।

অমিত পাংঘাল

অমিত পাংঘাল

বক্সিং জৰিয়তে এইবাৰ টকিঅ’ অলিম্পিকত যি কেইগৰাকী ভাৰতীয় বক্সাৰ নিৰ্বাচিত হৈছে সেইসকলৰ ভিতৰত পদক লাভৰ সম্ভাব্য তাল্কাত আছে পুৰুষৰ ৫২ কেজি শাখাত অমিত পাংঘাল । এছিয়ান বক্সিং চেম্পিয়নশ্বিপত যোৱা মে মাহত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত ৰূপৰ পদক লাভ কৰা অমিতক লৈ যথেষ্ট সম্ভাবনাৰ কথা কোৱা হৈছে । যোৱাটো বৰ্ষত বক্সিং বিশ্বকাপত চেম্পিয়ন হোৱা অমিত পাংঘালৰ জৰিয়তে ভাৰতে পদক তালিকাত স্থান লাভৰ সম্ভাবনা দেখিছে ভাৰতীয় বক্সিং ফেডাৰেচনে । বৰ্তমান বিশ্ব ৰেংকিঙত শীৰ্ষ স্থানত থকা অমিতে ইটালীত প্ৰশিক্ষণ ব্যস্ত সৰ্বোচ্চ উজাৰি দিয়াত ।

লগতে পঢ়ক প্ৰথম অসমীয়া লাভলীনা বৰগোঁহাইক লৈ কিমান সচেতন আমাৰ ক্ৰীড়াপ্ৰেমী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply