টকিঅ’ অলিম্পিক,২০২০ৰ মহিলা ভাৰাত্তোলনৰ ৪৯ কিঃগ্ৰা শাখাত স্বদেশৰ বাবে প্ৰথমটো ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰী মীৰাবাঈ চানুৱে।

টকিঅ’ অলিম্পিকৰ প্ৰথমটো পদক লাভ কৰা ভাৰতীয় খেলুৱৈ গৰাকী হ’ল মীৰাবাঈ চানু।


৪৯ কেজি মহিলাৰ ভাৰোত্তলনত মীৰাবাঈ য়ে ২০২ কেজি ডাঙি ৰূপৰ পদক লাভ কৰে ।


স্নেটত ৮৭ কেজি ডঙাৰ বিপৰীতে ক্লিন এন্ড জাৰ্কত ১১৫ কেজি ডাঙি দ্বিতীয় স্থানত থাকে ।


মীৰাবাই চানুৱে ২০২ কেজি ডঙাৰ বিপৰীতে চীনা প্ৰতিযোগী জিহুইৰ হাউৱে ২১০ কেজি ডাঙি স্বৰ্ণ পদক লাভ কৰে । ইন্ডোনেছিয়াৰ কান্টিকা আইচাহে ব্ৰঞ্জৰ পদক লাভ কৰে ।

২০০০ চনত কাৰ্ণাম মালেশ্বৰীয়ে ভাৰোত্তলনত প্ৰথমটো অলিম্পিক পদক লাভ কৰাৰ পিছত মীৰাবাঈ চানুৰ জৰিয়তে দ্বিতীয়টো পদক লাভ কৰে ।

লগতে পঢ়ক টকিঅ’ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ পদক কোনে লাভ কৰিলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply