নিউজ ডেস্ক: দক্ষিণ কোৰিয়াত শুক্ৰবাৰে অনুষ্ঠিত হোৱা এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ ৪৯ কেজি শাখাত মীৰাবাঈ চানুৱে সন্তুষ্ট থাকিবলগা হয় ষষ্ঠ স্থানতেই। এছিয়ান গেমছৰ প্রাকমুহূৰ্তত এনে শোচনীয় প্ৰদৰ্শনেৰে দেশবাসীক নিৰাশ কৰিছে টকিঅ অলিম্পিকত ৰূপৰ পদক বিজয়ী চানুৱে।
উক্ত খেলখনত চানুৱে স্নেটছত ৮৫ কেজি আৰু ক্লিন এণ্ড জার্কত ১০৯ কেজিসহ মুঠ ১৯৪ কেজিহে উত্তোলন কৰিবলৈ সক্ষম হয়। যাৰ ফলত খেলুৱৈ গৰাকী ষষ্ঠ স্থান থমকিব লগীয়া হয়।
উক্ত শাখাটোত ২০৭ কেজি উত্তোলনেৰে চীনৰ জিয়াং হুইহুৱাই স্বর্ণ, ২০৪ কেজি উত্তোলনেৰে চীনৰ হাও জিনে ৰূপ আৰু ২০০ কেজি উত্তোলনেৰে থাইলেণ্ডৰ ছাকচাৰ’নে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, একেইখন প্ৰতিযোগিতাই ২০২১ চনত ২০৫ কেজি উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
লগতে পঢ়ক – ৩য় আৰু ৪ৰ্থ বৰ্গত উত্তীৰ্ণ মহিলা প্ৰাৰ্থীসকলে গৃহ জিলাতেই পাব নিযুক্তি