মণিপুৰৰ ভাৰোত্তলক মীৰাবাই চানুৱে ৰচিলে নতুন বিশ্ব অভিলেখ । টাছখান্ডত অনুষ্ঠিত হোৱা এছিয়ান ৱেথলিফটিং চেম্পিয়নশ্বিপত মীৰাবাই চানুৱে ক্লিন এন্ড জাৰ্কত ১১৯ কেজি উত্তোলন কৰি নতুন বিশ্ব অভিলেখ ৰচনা কৰে । ইয়াৰ পূৰ্বে ১১৮ কেজি উত্তোলনেৰে এই অভিলেখৰ গৰাকী আছিল চীনৰ জিয়াং হুইহুৱা ।
এই প্ৰতিযোগিতাত মীৰাবাই চানুৱে ৮৬+১১৯ উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে । লগতে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মুঠ ২০৩ কেজি উত্তোলন কৰাৰ নিজৰো অভিলেখ অতিক্ৰম কৰে ।
২৬ বছৰীয়া ভাৰোত্তোলক গৰাকীৰ এই সফলতাই আগন্তুক টকিঅ’ অলিম্পিকৰ বাবেও আশাৰ সঞ্চাৰ কৰিছে । বিশেষকৈ উত্তৰ কোৰিয়াই শেহতীয়াকৈ নাম প্ৰত্যাহাৰ কৰাৰ পিছত পদক লাভৰ সম্ভাবনা ব্যক্ত কৰিছে ।
মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাই এছিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মীৰাবাইয়ে প্ৰথম দুটা চেষ্টাত ব্যৰ্থ হোৱাৰ পিছত তৃতীয়টো প্ৰচেষ্টাত দেখুওৱা সফলতাই আশাৰ সঞ্চাৰ কৰিছে বুলি কয় । বৰ্তমান বিশ্ব ৰেংকিঙত চতুৰ্থ স্থানত আছে মীৰাবাই চানু ।