যি সময়ত সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমী উৎসুকতাৰে বাট চাইছে দেশলৈ কিমান মেডেল আহিব । একমাত্ৰ মীৰাবাঈ চানুৱে ৰূপৰ পদক পোৱাৰ বিপৰীতে লাভলীনাৰ ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে । বাকীসকলোবোৰ অনিশ্চয়তাত । দিনক দিনে যিসকল খেলুবৈক লৈ অধিক আশাৰ বতৰা আহিব বুলি কোৱা হৈছিল সকলোবোৰ খালী হাতেৰে উভতিছে ।

দীৰ্ঘদিনৰ পিছত ঘৰ খনত উপস্থিত হৈ মীৰাবাঈয়ে তেওৰ চাৰিবছৰৰ সপোন সাৰ্থক হোৱাৰ আঁৰত কোন কোন আছিল তাক মন্ত পেলাইছে । শিপা পাহৰি নোযোৱা মীৰাবাঈ চানুৱে তেওক লৈ যিসকলে ইমান দিনে কৰি অহা সহায় কথা উল্লেখ কৰি তেওলোকক শুভেচ্ছা জনাবলৈ আগবাঢ়ি আহিছে ।

সেই অভিযানত মীৰাবাঈয়ে কেইজনমান ট্ৰাক ড্ৰাইভাৰৰ সন্ধানত নামি পৰিছে । এই সময়ত স্বাভাবিকতে প্ৰশ্ন হয় মীৰাবাঈৰ সফলতাৰ আঁৰত ট্ৰাক ড্ৰাইভাৰৰ কি কাম ।
বালি কঢ়িওৱা ট্ৰাক ড্ৰাইভাৰে কি দৰে সহায় কৰিছিল সেই কথা আজি সফলতাৰ শীৰ্ষত উঠাৰ পিছতো পাহৰা নাই মীৰাবাঈয়ে ।

পৰিয়ালৰ সৈতে একেলগে এসাঁজ খোৱাৰ সোৱাদেই সুকীয়া

ক্ৰীড়া জীৱনৰ আৰম্ভণিতে মীৰাবাঈয়ে নিজৰ নংপক কাকচিং গাঁৱৰ ঘৰৰপৰা বালি কঢ়িওৱা ট্ৰাকত উঠি প্ৰতিদিনে ইম্ফলৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ গৈছিল। যোগাযোগৰ বিশেষ সুবিধা নথকাৰ বাবে সেই সময়ত বালি কঢ়িওৱা ট্ৰাক চালক সকলে কৰা উপকাৰৰ বাবেই আজি তেওঁ বৰ্তমানৰ সফলতা লাভ কৰিছে বুলি ব্যক্ত কৰিছে মীৰাবাঈয়ে।

মনিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক গৰাকীয়ে বৃহস্পতি বাৰে এক অনুষ্ঠানত কৈছে “মই সেই ট্ৰাক ড্ৰাইভাৰ সকলক লগ পাব বিচাৰো, যিসকলে মোক গাঁৱৰ পৰা ইম্ফলৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ এটকাও পইচা নোলোৱাকৈ লৈ গৈছিল। মোক এই অবস্থালৈ অনাৰ ক্ষেত্ৰত তেওলোকৰো অবদান আছে | মোক আগুৱাই নিয়াসকলক এতিয়া মই সহায় কৰিব বিচাৰো।”

সেই সময়ত গাঁৱৰ কাষতে পথৰ দাঁতিত চাহৰ দোকান দিয়া মীৰাবাঈৰ মাক চাখম অংবি টম্বি দেৱীয়ে কয় যে, “ঈথাম মইৰাংপুৰেলৰ পৰা অহা বালি কঢ়িওৱা ট্ৰাক সমূহ এই পথেৰেই ইম্ফললৈ যায়। এই ট্ৰাক সমূহৰ ড্ৰাইভাৰ সকলে মোৰ দোকানত চাহ খাবলৈ ৰোৱাৰ বাবেই তাইক প্ৰশিক্ষণ কেন্দ্ৰলৈ গাড়ীতে তুলি লৈ যায়”।

অলিম্পিকত পদক জয়ৰ এই সফলতাৰ ভাগ তেওঁক এসময়ত সহায় কৰা ট্ৰাক ড্ৰাইভাৰ সকলক দিব বিচাৰি মীৰাবাঈৰ মহানুভৱতা অন্তৰ চুই গৈছে মণিপুৰবাসীৰ | শিপা পাহৰি নোযোৱা এই গৰাকী ক্ৰীড়াবিদে দেশক এবাৰেই নহয় বহু বছৰলৈ গৌৰবৰ কাৰণ হৈ থাকিব বুলি ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে।

লগতে পঢ়ক গুৱাহাটীত দিন-দুপৰতে যৌন নিৰ্যাতন চলাবলৈ অহা যুৱকক ‘শিক্ষা’ দিলে সাহসী যুৱতীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply