পঞ্জাৱৰ অমৃতসৰত ১৩ মাৰ্চৰ পৰা আয়োজিত ৩২ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং চেম্পিয়নশ্বিপত অসমৰ মহিলা দলে সফলতা লাভ কৰিবলৈ সক্ষম হয় ।
প্ৰতিযোগিতাৰ ইপি ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসম মহিলা দলটোৱে। দলটোৰ খেলুৱৈসকল হ’ল কবিতা দেৱী, ডিম্পী মৰাণ, দীপা যোশী আৰু ভাগ্যশ্ৰী নেওগী ।
ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখনত অসমৰ ২৩ জনীয়া এটা দলে অংশগ্ৰহন কৰিছিল। দলৰ প্ৰশিক্ষক হিচাপে অনিৰ্বাণ বেনাৰ্জী, ললিত কুমাৰ সিংহ, মেনেজাৰ চিমৰণ কৌৰ আৰু ৰেফাৰী হিচাপে মানিক বড়ো দলৰ সৈতে আছিল ।
অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল কুমাৰ শৰ্মাই এই কথা সংবাদমাধ্যমক জানিবলৈ দিয়ে।