মৰাণ: পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অৱশেষত অকাল মৃত্যুক সাবতি লোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ তথা খোৱাং শালমাৰী চাহ বাগিচাৰ নিৰ্বাসী ছাৰ্বিনা মিঞ্জৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

যোৱা ৬ মাৰ্চত মৰাণ জাতীয় বিদ্যালয়ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ ।

ছাৰ্বিনাৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে তেখেতৰ বাসগৃহত অগণন গুণমুগ্ধ আহি ভিৰ কৰেহি ।

শক্তি মন্ত্ৰী বিমল বৰা ছাৰ্বিনাৰ গৃহত উপস্থিত হৈ তেখেতৰ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । মন্ত্ৰীজনে পৰিয়ালটোক যিমান পাৰি সহায়ৰ আশ্বাস দিয়ে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply