নিউজ ডেস্ক: অসম চৰকাৰে আজি লোৱা সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা অলিম্পিক ক্ৰীড়াৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈসকলে পাব চৰকাৰী চাকৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত এই ঘোষণা কৰে ।এইক্ষেত্ৰত খেলুৱৈ গৰাকীয়ে অলিম্পিক ক্ৰীড়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাত যি কোনো পদক জয়ী হলেই এই সুবিধা পাব ।
ইয়াৰ পূৰ্বে অলিম্পিক, কমনৱেলথ্ গেমছ্, এছিয়ান গেমছ্ত অসমৰ পদক বিজয়ীসকললৈ চৰকাৰী নিযুক্তি দিয়াৰ নীতি আছিল । এতিয়াৰে পৰা এইনীতি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব ।
মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত লগতে আন এক প্ৰসংগ উল্লেখ কৰি কয় , যিসকল খেলুৱৈয়ে ইতিমধ্যে তেনে প্ৰতিযোগিতাত বিজয়ী হৈছে সেইসকল খেলুৱৈক ক্ৰীড়া পেঞ্চন দিব ৰাজ্যচৰকাৰে । অসম অলিম্পিক সন্থাক বাদ পৰি ৰোৱা সকলো খেলুৱৈৰ নাম দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাই ।

বিধানসভাৰ মজিয়াত আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে এইবাৰৰ টকিঅ’ অলিম্পিকত অংশ লোৱা ৰাজ্যৰ প্ৰথম গৰাকী মহিলা প্ৰতিযোগী লাভলীনা বৰহোঁহাইক উৎসাহিত কৰাৰ উদ্দেশ্যৰে প্ৰচাৰ চলাবলৈ ৰখা প্ৰস্তাৱত সদনৰ নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসক বিৰোধী সকলো সদস্যই সমৰ্থন জনাই। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উক্ত প্ৰস্তাৱক সমৰ্থন জনাই লাভলীনাক উৎসাহিত কৰাৰ বাবে বিধানসভাত এটা সন্মিলিত প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা অৱগত কৰে।
লগতে পঢ়ক আজি ঘোষণা কৰা নতুন SOP কি আছে