ৰাজস্থানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত অসমৰ খেলুৱৈয়ে পাঁচটা স্বৰ্ণসহ ৯ টা পদক অৰ্জন কৰি সফলতা কঢ়িয়াই আনিছে।
যোৱা ২৩ ৰ পৰা ২৭ মাৰ্চলৈ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ পৰা ১২ জনীয়া পেৰা সাঁতোৰৰ দলে অংশ লৈছিল । । এই ১২ জনীয়া দলটোৱে পদক লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক গৌৰৱান্বিত কৰে । অসমে লাভ কৰিলে ৯ টাকৈ পদক। ইয়াৰে ৫ টা স্বৰ্ণ, ১ টা ৰূপ, আৰু ৩ টা ব্ৰঞ্জৰ পদক ।
কৃষ্ণ দাসে ২০০ মিটাৰ ফ্ৰিষ্টাইল, ১০০ মিটাৰ বাটাৰফ্লাই আৰু ১০০ ব্ৰেষ্টষ্টকত অৰ্জন কৰে তিনিটাকৈ স্বৰ্ণপদক । আনহাতে ৰাজকুমাৰে ১০০ মিটাৰ ব্ৰেষ্টষ্টকত স্বৰ্ণ আৰু ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপৰ পদক লাভ কৰে । ইয়াৰ উপৰিও, আনোৱাৰ ছিকদাৰে এটা স্বৰ্ণ, শ্বাহানা বেগমে দুটাটা ব্ৰঞ্জ, আৰু ছাজিদা বেগমে অৰ্জন কৰিলে এটা ব্ৰঞ্জৰ পদক ।
অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত যোৱা দলটোৰ প্ৰশিক্ষক হিচাপে আছিল সন্থাৰ সম্পাদক ৰাজীৱ দে । পুৰুষৰ টীম মেনেজাৰৰ দায়িত্বত আছিল মহিবুৰ হক আৰু মহিলাৰ টীম মেনেজাৰৰ দায়িত্বত হিমা ওজা দাস । পেৰা সাঁতোৰবিদৰ এই সফলতাক লৈ অসম পেৰালিম্পিক সন্থাই দলটোক শুভেচ্ছা জনাইছে।