স্প’ৰ্টছ ডেস্ক – বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বঁটা প্ৰদান অনুষ্ঠানৰ শেষত, নীৰজ চোপ্ৰাই তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দী পাকিস্তানী জেভলিন থ্ৰ’ৱাৰ আৰ্ছাদ নাদিমৰ সৈতে কথা পাতি থকা দেখা গৈছিল। ইয়াকে লৈ সংবাদ মাধ্যম তথা নেটিজেনৰ মাজত বিভিন্ন চৰ্চা চলিছে। আজি নীৰজে নিজেই মুখ খুলিছে, কি কথা হৈছিল পাকিস্তানী এথলীটৰ সৈতে।
তেওঁ কয়, “প্ৰতিযোগিতা শেষ হোৱাৰ পিছত মই আৰ্ছাদৰ সৈতে কথা পাতিছিলো। মই কৈছিলো যে তেওঁ খুব ভাল খেলিছে। তেওঁৱো প্ৰত্যুত্তৰ দি কৈছিল যে তেওঁৰ কিলাকুটিত সমস্যা আছিল। মই আকৌ এবাৰ তেওঁক ভাল ফৰ্মেৰে উভতি অহাৰ বাবে অভিনন্দন জনাইছিলো, তেওঁ আঘাতৰ পৰা এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে। এই পৰিস্থিতিত ৮৬ মিটাৰতকৈ অধিক দূৰলৈ জেভলিন নিক্ষেপ কৰাটো সঁচাকৈ প্ৰশংসনীয়।’
উল্লেখ্য যে পাক জেভলিন থ্ৰ’ৱাৰ গৰাকীয়ে এই প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছে। ডিফেণ্ডিং চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছো সেইদিনা সুন্দৰ ফৰ্মত আছিল। তেওঁৰ জেভলিন সিদিনা ৯০.১৪ মিটাৰ দূৰত পৰিছিল। জেভেলিনৰ পুৰুষ শাখাত, পিটাৰ্ছে এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী জাকুব ভাদলেখে ইয়াতো ব্ৰঞ্জৰ পদক আজুৰিবলৈ সক্ষম হৈছে।