Sports Desk – সাফল্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি নীৰজ চোপ্ৰাই পুনৰ বুটলিছে সোণ । শনিবাৰে ট’কিঅ অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই কুৱোৰটন গেমছত পুনৰ স্বৰ্ণ পদক অৰ্জন কৰি জেভলিন থ্ৰ’ত যে এতিয়া তেৱেই সম্ৰাট সেয়া প্ৰমাণ কৰিলে। শনিবাৰে নীৰজ চোপ্ৰাই ৮৬.৬৯ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই স্বৰ্ণ পদক নিশ্চিত কৰে৷
অলিম্পিকৰ পাছত এয়া নীৰজ চোপ্ৰাৰ আন্তঃৰায় প্ৰতিযোগিতাত প্ৰথমটো স্বৰ্ণ পদক৷ অৱশ্য, যিখন প্ৰতিযোগিতাত নীৰজে শীৰ্ষস্থান অৰ্জন কৰিছে, বিশ্ব এথলেটিকছত এই প্ৰতিযোগিতাৰ মান হৈছে দ্বিতীয় পৰ্যায়ৰ৷ স্মৰ্তব্য যে তিনিদিন পূৰ্বে তেওঁ পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল৷ পিছে দুৰ্ভাগ্যবশতঃ সেই প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হৈছিল৷ সেই প্ৰতিযোগিতাখনত ৮৯.৮০ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰিছিল ফিনলেণ্ডৰ স্থানীয় এথলীট অলিভাৰ হেলাণ্ডাৰে৷