নিউজ ডেস্ক: পুনৰ ইতিহাস ৰচনা কৰিলে অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই। দোহাত অনুষ্ঠিত হৈ থকা ডায়মণ্ডত লীগত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় তাৰকা খেলুৱৈ গৰাকীয়ে। দ্বিতীয়বাৰৰ বাবে একেটা লীগতেই দুবাৰকৈ সোণৰ পদক আজুৰি আনিছে নীৰজ চোপ্ৰাই।
প্ৰথম প্ৰচেষ্টাতেই ৮৮.৬৭ মিটাৰ দূৰত দলিয়াই সকলোকে পৰাস্ত কৰিবলৈ সক্ষম হয় গ’ল্ডেন বয়ে। উক্ত খেলখনত নীৰজৰ পিছত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী জেকব ৱাডলজচে দ্বিতীয় স্থান দখল কৰে। ইফালে, এণ্ডাৰছনে পিটাৰ্ছে ইভেণ্টটোত তৃতীয় স্থান থমকিব লগা হয়।
এই ইভেণ্টটোত নীৰজে প্ৰথম প্ৰচেষ্টাত জেভেলিনক ৮৮.৬৮ মিটাৰ দূৰত দলিয়াই দিছিল। দ্বিতীয় প্ৰচেষ্টাত ৮৬.০৪ মিটাৰ, তৃতীয়বাৰত ৮৫.৪৭ মিটাৰ, চতুৰ্থ প্ৰয়াসটো ফাউল, পঞ্চমটো বাৰত ৮৫.৩৭ মিটাৰ আৰু ষষ্ঠ প্ৰচেষ্টাত ৮৬.৫২ মিটাৰ দূৰত্ব দলিয়াইছিল।
উল্লেখ্য যে, যোৱাটো বছৰত ফিট নথকাৰ বাবে নীৰজে ডায়মণ্ড লীগত অংশগ্ৰহণ কৰিব পৰা নাছিল। পিছে নীৰজে ২০২২ চনতেই জুৰিখত অনুষ্ঠিত ডায়মণ্ডত লীগত ৮৯.০৮ মিটাৰ জেভেলিন দলিয়াই সোণ পদক লাভ কৰিছিল। এই লীগত বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপেও নীৰজৰ নাম অন্তৰ্ভক্ত।
লগতে পঢ়ক – পুনৰ ছবিগৃহ মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অভিনীত ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্ট’ৰী’