ফুটবল খেলৰ বাবে গুৱাহাটীত খেলপথাৰৰ অভাবক লৈ ৰাজপথলৈ ফুটবলাৰ ওলাই অহাৰ পিছত ৰাজ্য চৰকাৰৰ অধীনত থকা নেহৰু ষ্টেডিয়াম খন পুনৰ ফুটবলৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।
ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতাৰ পাছত ফুটবলে অগ্ৰাধিকাৰ পাব নেহৰু ষ্টেডিয়ামত।এইকথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে, “ৰঞ্জী ট্ৰফীৰ বাবে অসম ক্ৰিকেট সন্থাই ১৫ দিনৰ বাবে নেহৰু ষ্টেডিয়ামখন লৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হ’লে এটাই আনটোক সুবিধা দিব লাগে। কিন্তু মই স্পোৰ্টচ ডাইৰেক্টৰত কৈছো ক্ৰিকেট হৈ যোৱাৰ পাছত নেহৰু ষ্টেডিয়ামত ফুটবলক প্ৰাধান্য দিবলৈ।”

কিছু দিনৰ পূৰ্বে গুৱাহাটীত ফুটবল খেলাৰ বাবে এখনো খেলপথাৰ নথকাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ফুটবল খেলুৱৈ সকলে। ক্ৰিকেট সৰ্বস্ৰ হৈ পৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰ খনত আজি বাকীবোৰ খেলৰ প্ৰতি অনাদৰ হৈ অহাৰ কথা খেলুৱৈৰ মুখে মুখে। গুৱাহাটী মহানগৰীত ১১ খনৰো অধিক খেলপথাৰ আছে কিন্তু এখন ফিল্ডতো ফুটবল খেলাৰ বাবে অনুমতি নাই। সেয়ে নেহৰু ষ্টেডিয়াম খন ফুটবলৰ বাবে সংৰক্ষিত কৰাৰ দাবী কৰিছিল খেলুৱৈ সকলে।

লগতে পঢ়ক- ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে ৰাচিয়াই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply