নিউজ ডেস্ক: অহা ২৩ জুলাইৰ পৰা ৯ আগষ্টলৈকে জাপানৰ টকিঅ’ চহৰত হব লগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ মাজত মাথোঁ তিনিটা মাহ বাকী থকা অৱস্থাত উত্তৰ কোৰিয়াই ইয়াত অংশগ্ৰহন নকৰাৰ সিদ্ধান্ত লৈছে | দেশ খনৰ ক্রীড়া মন্ত্রালয়ে এই কথা ঘোষণা কৰে ৷
বিশ্বজুৰি অব্যাহত থকা ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি উত্তৰ কোৰিয়াই অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰা বুলি দেশখনৰ ক্রীড়া মন্ত্রালয়ে স্পষ্ট কৰে৷ দেশখনৰ এই সিদ্ধান্তই স্বাভাৱিকতে অলিম্পিকৰ আয়োজক মণ্ডলীক অস্বস্তিত পেলাইছে৷
আৰু পঢ়কঃ তেজপুৰ বিশ্ববিদ্যালয়ত কৰোণা সংক্ৰমণ
উল্লেখ্য যে সুদীর্ঘ ৩৩ বছৰৰ মূৰত প্রথমবাৰলৈ গ্রীষ্মকালীন অলিম্পিকত উত্তৰ কোৰিয়াৰ খেলুৱৈক দেখিবলৈ পোৱা নাযাব৷ ১৯৮৮ৰ শীতল যুদ্ধৰ বাবে উত্তৰ কোৰিয়াই ছিউল অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰিছিল৷
শক্তিশালী উত্তৰ কোৰিয়াৰ খেলুৱৈ অনুপষ্ঠিতিত ভাৰতৰ বহু কেইগৰাকী খেলুৱৈলৈ পদক লাভৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে | উত্তৰ কোৰিয়াই টকিঅ’ অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পিছত ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰা বাই ছানুৰ পদক জয়ৰ আশা অধিক সজীৱ হৈ পৰিছে৷ ভাৰতীয় খেলুৱৈৰ বিপৰীতে শক্তিশালী ৰূপত অবতীৰ্ণ হোৱা উত্তৰ কোৰিয়াৰ খেলুৱৈৰ অনুপস্থিতিয়ে ভিনেছ ফ’গাট, সীমা বিছলা, অংচু মালিক আদিৰ বাবে কিছু সুবিধাজনক হোৱাৰ সম্ভাবনাই দেখা দিছে |