বিশ্বৰ শীৰ্ষ বাছনিৰ ন’ভাক জক’ভিচৰ শীৰত দ্বিতীয়বাৰৰ বাবে জিলিকিল ফ্ৰেন্স অপেনৰ খিতাপ। এইজয়ৰে জক’ভচে কেৰিয়াৰত গ্ৰেণ্ডশ্লামৰ সংখ্যা ১৯ টালৈ বৃদ্ধি কৰিলে ।
চাৰি ঘণ্টা ধৰি চলা প্ৰতিযোগিতাখনৰ ফাইনেলত জক’ভিচে গ্ৰীচ তাৰকা ষ্টেফানছ ছিছিপাছক ৬-৭, ৬-৩, ৬-২,৬-৪ ছেটত পৰাস্ত কৰে । এই খিতাপ জয়ৰে টেনিছ ইতিহাসত ৪ টা গ্ৰেণ্ডশ্লাম দুবাৰকৈ জয় কৰা বিশ্বৰ তৃতীয়জন টেনিছ খেলুৱৈলৈ পৰিগণিত হয় ন’ভাক জক’ভিচ।
বিগত ৫২ বছৰৰ পিছত এই কৃতিত্ব অৰ্জন কৰা তেওঁৰ বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে ১৯৬৭ চনত এমাৰ্চন আৰু ১৯৬৯ চনত লেভাৰে এই ৰেকৰ্ড সৃষ্টি কৰিছিল ।
জক’ভিচে ইয়াৰ পূৰ্বে ২০১৬ চনত ফ্ৰেন্স অ’পেনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।
এতিয়ালৈকে ১৯টা গ্ৰেন্ডশ্লাম খিতাপ লাভ কৰা জ’কভিছৰ অভিলেখ সংখ্যক গ্ৰেন্ডশ্লাম জয়ৰ অভিলেখ স্পৰ্শ কৰিবলৈ আৰু এটা খিতাপৰ প্ৰয়োজন । ৰ’জাৰ ফেডাৰাৰ আৰু ৰাফেল নাডালৰ শীৰত আছে বৰ্তমান ২০টা গ্ৰেন্ডশ্লাম জয়ৰ অভিলেখ।
লগতে পঢ়ক অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁইক টাইপাৰ অভিনন্দন