গুৱাহাটী : ৰাজ্যৰ চাৰিগৰাকী উদীয়মান খেলুৱৈ ক্ৰমে শিৱাংগী শৰ্মা, গৌৰৱ মজুমদাৰ, পূজা বসুমতাৰী আৰু অম্লান বৰগোহাঁলৈ ২০১৯ -২০২০ আৰু ২০২০-২০২১ বৰ্ষৰ এনআৰএল ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে। ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ উদ্যোগত আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেড চমুকৈ এনআৰএলৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাবলৈ প্ৰদান কৰি অহা এই বঁটা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ দশম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ৬ অক্টোবৰত নেহেৰু ষ্টেডিয়ামত প্ৰদান কৰা হ’ব।

ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্য খেলুৱৈ, সংগঠক, প্ৰশিক্ষক,।জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আৰু এনআৰএলৰ উচ্চ প্ৰদস্থ বিষয়াৰ উপস্থিতিত বঁটা সমূহ প্ৰদান কৰা হ’ব। ২০২০ বৰ্ষৰ তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত ৫ টা স্বৰ্ণ পদক জয় কৰা জলপৰী শিৱাংগী শৰ্মা আৰু চতুৰ্থ সংখ্যক য়ুথ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৫১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা তথা ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত স্বৰ্ণ পদকসহ শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰা গৌৰৱ মজুমদাৰক ২০১৯-২০ বৰ্ষৰ ক্ৰমে গৌতম বৰা সোঁৱৰণি “ম’ষ্ট প্ৰমিজিং প্লেয়াৰ এৱাৰ্ড” আৰু কুলেন কলিতা সোঁৱৰণি “ম’ষ্ট আপকামিং প্লেয়াৰ এৱাৰ্ড ” প্ৰদান কৰা হ’ব।

লগতে পঢ়ক : বিধায়ক শ্বেৰমান আলিৰ মন্তব্যক লৈ ৰাজ্য উত্তাল

লগতে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত ১৭ বছৰ অনুৰ্ধ জুডুত ৫৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰা পূজা বসুমতাৰী আৰু অলপতে ৱাৰেংগলত অনুস্থিত ৬০ সংখ্যাক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছৰ ২০০ মিটাৰত নতুন মিট ৰেকৰ্ডসহ স্বৰ্ণ পদক জয়েৰে অভিলেখ ৰচনা কৰা অম্লান বৰগোহাঁইক প্ৰদান কৰা হ’ব ক্ৰমে ২০২০-২১ বৰ্ষৰ গৌতম বৰা সোৱঁৰাণি “ম’ষ্ট প্ৰমিজিং এৱাৰ্ড” আৰু কুলেন কলিতা সোঁৱৰণি “ম’ষ্ট আপ কামিং এৱাৰ্ড”৷ খেলুৱৈ কেইগৰাকীক এনআৰএল কেচ এৱাৰ্ডৰ লগতে প্ৰদান কৰা হ’ব ট্ৰফীসহ প্ৰশস্তি পত্ৰ। ৬ অক্টোবৰৰ দিনৰ ১১ বজাৰ পৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ক্ৰীড়াবিদ, সংগঠক, প্ৰশিক্ষক উপস্থিত থাকিব বুলি সদৰি কৰিছে সন্হাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কুমুদ তালুকদাৰ আৰু হিলদুল গগৈয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply