আগৰ এটা বাতৰিত আমি উল্লেখ কৰিছিলো অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে বিচাৰি ফুৰিছে বালি কঢ়িওৱা ট্ৰাক চালকসকলক | বৃহস্পতিবাৰে নিজা ঘৰৰ চোতালত এই বিচাৰি ফুৰা ট্ৰাক চালকসকলক দেখা পাই হুকহুকাই কান্দি উঠিল টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানুৱে। টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা একাংশ ট্ৰাকচালকৰ সন্ধানত আছিল মীৰাবাঈ।
মণিপুৰত উপস্থিত হৈয়ে সেই ট্ৰাকচালকসকলক লগ পাবলৈ বিচাৰিছিল অলিম্পিক পদক জয়ী গৰাকীয়ে। অৱশেষত বৃহস্পতিবাৰে একাংশ চালক নংপক কাকচিঙত থকা মীৰাবাঈৰ ঘৰৰ সন্মুখত উপস্থিত হ’লহি। ট্ৰাকচালকসকলৰ মাজত বিভিন্ন উপহাৰ আৰু মিঠাই বিতৰণ কৰি হুকহুকাই কান্দিলে মীৰাবায়ে।
তেওঁ ক’লে এই ট্ৰাকচালকসকলৰ বাবেই দেশে অলিম্পিকত এটা পদক লাভ কৰিলে। এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবায়ে আৰম্ভণিতে অনুশীলনৰ বাবে নিতৌ ঘৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ খুমান লাম্পাক ক্ৰীড়া প্ৰকল্পলৈ আহিবলগীয়া হৈছিল। মীৰাবাঈৰ গাঁৱৰ ফালে বালি কঢ়িয়াবলৈ গৈছিল ট্ৰাকসমূহ। সেয়াই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম।
অনুশীলন সামৰি এই ট্ৰাকবোৰতে সদায় ঘৰলৈ উভতিছিল মীৰাবাঈ। অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। অৱশেষত ট্ৰাকচালকসকল তেওঁৰ ঘৰলৈ আহিল। কাষৰ পৰা মীৰাবাঈক চালেহি, চুই চালে অলিম্পিকৰ পদকটো। যিটো পদকৰ বাবে ভেঁটি প্ৰতিষ্ঠা কৰাত তেওঁলোকৰো আছে অৰিহনা।
সেই সময়ত গাঁৱৰ কাষতে পথৰ দাঁতিত চাহৰ দোকান দিয়া মীৰাবাঈৰ মাক চাখম অংবি টম্বি দেৱীয়ে কয় যে, “ঈথাম মইৰাংপুৰেলৰ পৰা অহা বালি কঢ়িওৱা ট্ৰাক সমূহ এই পথেৰেই ইম্ফললৈ যায়। এই ট্ৰাক সমূহৰ ড্ৰাইভাৰ সকলে মোৰ দোকানত চাহ খাবলৈ ৰোৱাৰ বাবেই তাইক প্ৰশিক্ষণ কেন্দ্ৰলৈ গাড়ীতে তুলি লৈ যায় আৰু লৈ আহে।”
নিজৰ শিপা পাহৰি নোযোৱা এই গৰাকী মহান ক্ৰীড়াবিদৰ মহানতাৰ বাবে আজি দেশবাসীয়ে চেল্যুট দিছে খেলুৱৈ গৰাকীক ।
লগতে পঢ়ক অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে ট্ৰাক ড্ৰাইভাৰক কিয় বিচাৰি ফুৰিছে