অলিম্পিক ইতিহাসত সৰ্বাধিক পদক জয়ৰ অভিলেখ ৰচনা কৰিলে টীম ইন্ডিয়াই | টকিঅ’ অলিম্পিকত ভাৰতৰ ছয়জন খেলুৱৈয়ে ব্যক্তিগত ইভেণ্টত আৰু ভাৰতীয় হকী দলে দলীয় ইভেণ্টত দেশৰ হৈ পদক আজুৰি আনিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ক্ৰীড়া বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনত পদক বিজয়ীসকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে।
বিচিচিআইয়ে সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাক ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে আৰু লগতে ভাৰতীয় পুৰুষ হকী দলক পুৰস্কাৰ হিচাপে ১.২৫ কোটি টকা প্ৰদান কৰিব। আনহাতে ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈ মীৰাবাই চানু আৰু ৰবি কুমাৰ দহিয়াক বিচিচিআইয়ে ৫০ লাখকৈ পুৰস্কাৰ আগবঢ়াব। আনহাতে ব্ৰঞ্জ বিজয়ী বজৰং পুনিয়া,লাভলীনা বৰগোঁহাই,পিভি সিন্ধুক ২৫ লাখ টকাকৈ ধন আগবঢ়াব বুলি ঘোষণা কৰিছে বিচিচিআইৰ ফালৰ পৰা ।
লগতে পঢ়ক আকাশত উৰিবলৈ সাজু এইবাৰ মটৰচাইকেল