নিউজ ডেস্ক: মাতৃভূমিত সম্বৰ্ধিত লাভলীনাই ক’লে “মই আজি বাকৰুদ্ধ । সন্মুখত আপোনালোকক দেখি সকলো পাহৰিলোঁ মই” যি ক’বলগীয়া,কৰিবলগীয়া আছে ৰিঙত কৰিম”।

কলাক্ষেত্ৰত সম্বৰ্দ্ধনা অনুষ্ঠানত নিজৰ বক্তব্য প্ৰদান কৰি অসমবাসীক ধন্যবাদ জনাই লাভলীনাই অভিভাৱকসকলক নিজ সন্তানক খেলাত বাধা নিদিবলৈ আহ্বান জনালে।

প্ৰতিভা সন্ধান কৰি ৰাজ্যৰ পৰা অধিক খেলুৱৈ তৈয়াৰ কৰাৰো আহ্বান জনালে লাভলীনাই।নিজেও প্ৰতিভা সন্ধানৰ বাবে কাম কৰিব বুলি উল্লেখ কৰিলে তেওঁ।

দৰিদ্ৰতাৰ সৈতে,জীৱনৰ কঠিন বাস্তৱৰ সৈতে যুঁজা লাভলীনাই বক্সিঙৰ ৰিঙত যুঁজিও প্ৰতিপক্ষক ধৰাশায়ী কৰি ১২৫ বছৰীয়া অলিম্পিক ইতিহাসত জিনিলে ব্ৰঞ্জ।

কলাক্ষেত্ৰত ভাৰত গৌৰৱ অসম কন্যা লাভলীনাক সম্বৰ্ধনা ৰাজ্য তথা চৰকাৰৰ।
নিজৰ ভাষণত আৱেগিক হৈ সোণৰ পদক আনিব নোৱাৰাৰ বাবে কলাক্ষেত্ৰৰ পৰা পুনৰ মাফ খুজিলে লাভলীনাই।
অসমবাসীক ২০২৪ত হ’বলগীয়া পেৰিছ অলিম্পিকত সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি লাভলীনাৰ।

সম্বৰ্ধনা অনুষ্ঠানত লাভলীনা

লাভলীনাক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।
মহানগৰীত লাভলীনাৰ নামত নামকৰণ কৰা হ’ব এটা পথ ।
লাভলীনাক ১ কোটি টকা প্ৰদান অসম চৰকাৰৰ ।
অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকIৰ বিশেষ জলপানী।

লাভলীনাৰ নামত সৰুপথাৰত ২৫ কোটি টকা ব্যয়ৰে ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিব চৰকাৰে।লাভলীনা বৰগোহাঁইক আজিৰ অৱস্থালৈ অনা চাৰিগৰাকী প্ৰশিক্ষক প্ৰশান্ত দাস, পদুম বড়ো, সন্ধ্যা গুৰুং আৰু ৰাফেল বাৰ্গমাস্কোক ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।
মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, “অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব। যুগে যুগে অসমবাসীয়ে লাভলীনাক এই সাফল্যৰ বাবে মনত ৰাখিব।”
টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক লৈ আজি গৰ্বিত অসমবাসী ।

লগতে পঢ়ক কিদৰে অসমৰ এইটো অটোমোবাইল ছাৰ্ভিচিং কোম্পানিয়ে ৫০০,০০ মাৰ্কিন ডলাৰ গোটাব পাৰিলে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply