ভাৰতীয় দলৰ পতাকা বহন কৰে মেৰি কম আৰু মনপ্ৰীত সিঙে

নিউজ ডেস্ক: আধুনিক অলিম্পিকৰ ১২৫ বছৰীয়া বুৰঞ্জীত প্ৰথমবাৰৰ বাবে এটা ভাইৰাছৰ আক্ৰমনৰ বাবে অলিম্পিক আয়োজন পিছুৱাবলৈ বাধ্য হোৱাই নহয় এবছৰৰ পিছত হোৱা গেমছতো সকলো দেশে অংশ নললে । অৱশেষত শুকুৰবাৰে জাকজমকীয়া উদ্বোধনী আনুষ্ঠানৰ মাজেৰে আৰম্ভ হ’ল টকিঅ’ অলিম্পিক ২০২০।

কোৰোণা মহামাৰীত প্ৰাণ যোৱাসকলক সমবেদনা জনায় আৰম্ভ হ’ল এইবাৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। দৰ্শকহীন ষ্টেডিয়ামত প্ৰত্যেকখন দেশে পতাকা হাতত লৈ অংশগ্ৰহণ কৰে মাৰ্চপাষ্টত। পেৰেডত ২০৫খন দেশৰ ভিতৰত ভাৰত আছিল ২১ নম্বৰত।

লাভলীনা বৰগোঁহাই


ভাৰতৰ হৈ পতাকা বহন কৰে বক্সাৰ মেৰী কম আৰু হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে। ভাৰতীয় খেলুৱৈসকলে খাকী ৰঙৰ সাজ পৰিধান কৰি মাৰ্চপাষ্টত অংশ লয়। পৰিধান কৰিছিল নীলা ৰঙৰ ব্লেজাৰ। ভাৰতৰ পৰা মুঠ ১২০গৰাকী প্ৰতিযোগীয়ে টকিঅ’ অলিম্পিকত অংশ লৈছে।

টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে আমেৰিকাৰ প্ৰথম মহিলা জিল বাইডেনে | ইয়াৰ লগে লগে টকিঅ’ 2020 অলিম্পিক ভিলেজে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলক স্বাগতম জনোৱা আৰম্ভ কৰিছে ৷ ২০৫ খন ৰাষ্ট্ৰীয় অলিম্পিক সমিতি আৰু আইঅ’চি শৰণাৰ্থী অলিম্পিক দলৰ ১১ হাজাৰৰো অধিক খেলুৱৈয়ে এই খেলত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক ছিক্কিমৰ পৰা ৪২ গৰাকীকৈ শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চিৰাং আৰক্ষী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply