দ্বিতীয়বাৰৰ বাাবে বিশ্বক্ৰীড়াৰ সৰ্ববৃহৎ ক্ৰীড়াসমাৰোহ খনি আৰম্ভ হ’বলৈ গৈ আছে আৰু কিছুসময়ৰ পাছতেই । ‘ টকিঅ’ সমবেত হৈছেগৈ এথলীট।কোৰোনাৰ সংক্ৰমণৰ মাজতে শ্ৰেষ্ঠত্ব উজাৰি দিবৰ বাবে সাজু ক্ৰীড়াবিদ।কোৰোনাৰ বাবে এবছৰ পিছুৱাই যোৱা টকিঅ’ অলিম্পিকৰ বাবে সম্পূৰ্ণ সাজু জাপান। ১৯৬৪ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে টকিঅ’ চহৰত আয়োজন হৈছে অলিম্পিক ।
প্ৰত্যাহ্বান থকাৰ সত্ত্বেও বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া টুৰ্ণামেন্ট আয়োজনৰ ক্ষেত্ৰত দৃঢ় জাপানৰ চৰকাৰ।৩৩ বিধ ইভেণ্ট এইবাৰৰ অলিম্পিকত অনুষ্ঠিত হব।২৩জুলাইৰ পৰা ৮ আগষ্টলৈ হ’বলগীয়া এথলীটৰ মহাৰণত ২০৬খন দেশৰ ১১,৫০০ এথলীটৰ অংশ গ্ৰহণ কৰিব। ৪২ খন বিভিন্ন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইবাৰৰ অলিম্পিক।
অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ভাৰতীয় সময় অনুসৰি ৪.৩০বজাৰ পৰা হ’ব আৰম্ভ ।টকিঅ’ত নতুনকৈ নিৰ্মাণ কৰা নেছনেল ষ্টেডিয়ামত হ’ব অলিম্পিকৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। কাৰাটে,স্পৰ্টছ ক্লাইম্বিঙকে ধৰি ৬ বিধ ক্ৰীডা় নতুনকৈ সংযোজন হৈছে টকিঅ’ অলিম্পিকত। প্ৰতিযোগিতাত অংশ লবলগীয়া ৫১শতাংশ পুৰুষ খেলুৱৈৰ বিপৰীতে ৪৯ শতাংশ মহিলা এথলীট। ৩৩ বিধ ক্ৰীড়াত সৰ্বমুঠ ৩৩৯টা পদকৰ বাবে এইবাৰৰ অলিম্পিকত মূল যুঁজ খন অনুষ্ঠিত হ’ব। টকিঅ’ অলিম্পিকৰ মেস্কট হৈছে ‘Miraitowa’।

টকিঅ’ অলিম্পিকৰ অন্যতম আকৰ্ষণ গেম ভিলেজত এতিয়া বিভিন্ন দেশৰ এথলীটে বাহৰ পাতিছেগৈ | প্ৰথম দল হিছাপে গেম ভিলেজত প্ৰৱেশ কৰিছিল চেক গণৰাজ্যৰ এথলীটে। টকিঅ’ৰ হাৰুমি ৱাটাৰফ্ৰণ্টত ৪৪হেক্টৰ ভূমিত নিৰ্মাণ কৰিছে এই গেম ভিলেজ। ২১টাকৈ আৱাসিক অট্টালিকা ডাইনিং হল, ফিটনেছ চেণ্টাৰ লগতে ডপিং কণ্ট্ৰোল চেণ্টাৰ আদি আছে গেম ভিলেজত। কোৰোনাৰ ভয়াবহতাৰ প্ৰতিলক্ষ্য ৰাখি এইবাৰ অধিক বাধ্যবাধকতাৰ মাজত থাকিব লাগিব গেম ভিলেজৰ ক্ৰীড়াবিদসকল। এথলীটৰ বাবে উপাসনাস্থলীৰো ব্যৱস্থা কৰিছে গেম ভিলেজত ।
ইফালে ভাৰতৰ পৰা ১১৯জন এথলীট এতিয়া বাহৰ পাতিছে টকিঅ’ অলিম্পিকৰ গেম ভিলেজত। ভাৰতৰ প্ৰতিযোগীসকলে প্ৰতিদ্বন্দিতা আগবঢ়াব ১৭টা ইভেণ্টত।
বক্সিঙত ভাৰতক সৰ্বমুঠ ৯জনকৈ বক্সাৰে প্ৰতিনিধিত্ব কৰিব।৬বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকম, অমিক পংঘাল, অসমকন্যা লাভলীনা বৰগোঁহাই ,আৰ্চাৰত দীপিকা কুমাৰী, অতনু দাসৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিব দেশবাসীৰ।অলিম্পিকত ভাৰতৰ আটাইতকৈ সফল খেল হৈছে হকী। এইবাৰ মনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় হকী দলে পদক জয় কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। ভাৰতৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ ইভেণ্ট হৈছে শ্বুটিং।

১৫জনকৈ শ্বুটাৰে দেশক প্ৰতিনিধিত্ব কৰিব অলিম্পিকত।ভাৰতৰ দুজন শ্বুটাৰ দিব্যান্স সিং পানৱাৰ, মানু ভাকৰ,সৌৰভ চৌধাৰীৰ পৰা পদক আশা দেশবাসীৰ। এইবাৰৰ অলিম্পিকে দেশৰ ক্ৰীড়া ক্ষেত্ৰক প্ৰদান কৰিব অন্য এক মাত্ৰা। আটাইতকৈ সফল অলিম্পিক হব বুলি আশাবাদী দেশৰ ক্ৰীড়া অনুৰাগীৰ। দেশৰ ক্ৰীড়া অনুৰাগীৰ মন জয় কৰি ভাৰতীয় এথলীটসকলেও ভাল প্ৰদৰ্শন কৰি দেশলৈ গৌৰব কঢ়িয়াই আনিব বুলি আশা কৰিছে | অসমবাসীৰ বাবে এইবাৰ অলিম্পিক বিশেষভাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল লাভলীনা বৰগোঁহাই | বক্সাৰ লাভলীনাই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই ৱাকঅভাৰ পাই প্ৰি কোৱাটাৰ ফাইনেললৈ আগবাঢ়ি অসমবাসীৰ আশাক আন এক মাত্ৰা দিছে ।
আজি বিয়লী ভাৰতীয় সময় অনুসৰি বিয়লী ৪.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উদ্ধোধনী অনুষ্ঠানত ভাৰতীয় দলৰ ৪৪ গৰাকী খেলুৱৈ আৰু ৬ গৰাকী অফিচিয়েলচে অংশ ল’ব । কোৰোনা মহামাৰীৰ বাবে এইবাৰ উদ্ধোধনী অনুষ্ঠান কিছু অনুষ্টুপীয়াকৈ আয়োজন কৰিছে । বিশ্ব ক্ৰীড়া মহান অনুষ্ঠানটোৱে ইয়াৰ মাজতে আন এক মাত্ৰা দিব য’ত সৃষ্টি হ’ব কেতবোৰ নতুন ইতিহাস । কিন্তু জয় পৰাজয় , হাঁহি কান্দোন, পোৱা নোপোৱা এই সকলোৰে উৰ্ধ্বত থাকিব শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ । পদক জয় কৰাই নহয়, প্ৰতিযোগিতাত অংশ লোৱাটোৱেই ডাঙৰ কথা । এয়াই অলিম্পিক ।
লগতে পঢ়ক অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত কোন কোন ভাৰতীয় খেলুৱৈয়ে অংশ ল’ব