নিউজ ডেস্ক : টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় মহিলা শ্বাটলাৰ পি ভি সিন্ধু ছেমি ফাইনেলত পৰাস্ত। শনিবাৰে ছেমি ফাইনেলত চাইনীজ টাইপেইৰ দ্বিতীয় বাছনিপ্ৰাপ্ত তাৰকা খেলুৱৈ টাই ঝু য়ঙৰ বিৰুদ্ধে খেলি পৰাস্ত হয় পি ভি সিন্ধু।
চাইনীজ টাইপেইৰ টাই ঝু য়ঙৰ হাতত ভাৰতীয় মহিলা শ্বাটলাৰগৰাকী ১৮-২১, ১২-২১ ত পৰাস্ত হয়। চাইনীজ টাইপেইৰ মহিলা শ্বাটলাৰগৰাকীৰ হাতত পৰাস্ত হৈ ভাৰতীয় শ্বাটলাৰগৰাকীৰ টকিঅ’ অলিম্পিকৰ যাত্রা অন্ত পৰিছে।
লগতে পঢ়ক : ডিফুত বনকৰ্মী আৰু ব্যক্তিগত সুৰক্ষা কৰ্মী নামিল ধন সংগ্ৰহ অভিযানত
অৱশ্যে প্ৰাক্তন বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা শ্বাটলাৰ পি ভি সিন্ধু অহা ১ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে টকিঅ’ অলিম্পিকৰ যুঁজত নামিব। উল্লেখ্য যে পি ভি সিন্ধু পূৰ্বেও চাইনীজ টাইপেইৰ টাই ঝু য়ঙৰ হাতত পৰাস্ত হৈছিল।