টীম ইন্ডিয়াৰ ১৫২ ৰান টাৰ্গেট ভাৰতীয় বলিং আক্ৰমণক টছনছ কৰি হেলাৰঙে জয়লাভ কৰে টী20 বিশ্বকাপত ।
পাকিস্তান দলৰ বিস্ফোৰক অপেনিং বেটচমেন অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজৱানে ভাৰতীয় বলিং আক্ৰমণক সহজেই অতিক্ৰম কৰি দলক বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে টীম ইন্ডিয়াৰ বিপক্ষে জয়লাভ কৰে ।
বাবৰ আজমে ৬৮ ৰান কৰাৰ বিপৰীতে মহম্মদ ৰিজৱানে ৭৯ ৰান কৰে ১৭.৫ অভাৰত । পাকিস্তানে বিশ্বকাপত প্ৰথমবাৰ টীম ইন্ডিয়াক হৰুৱাই ১০ উইকেটত ।
ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰা ভাৰতীয় দলে নিদ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৫১ ৰান কৰে।
দলৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বধিক ৫৭, উইকেটকীপাৰ বেটচমেন ৰিছভ পন্টে ৩৯ ৰান কৰে। কোহলীৰ পাকিস্তানৰ বিপক্ষে টি20ত তৃতীয়টো অৰ্ধশতক।
ছাহিন আফ্ৰিদীয়ে ৩১ ৰানত ৩ টা উইকেট লাভ কৰে।
লগতে পঢ়ক- ঘূণাসুঁতিৰ জীয়ৰী মাইনা চুতীয়াৰ ’ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত