গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে ৰাজ্যখনৰ সকলো জিলাৰ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ পৰা বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আসন্ন বানপানীৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লয়। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলাসমূহৰ সকলো কাৰ্যবাহী অভিযন্তাক যুদ্ধকালীন তৎপৰতাৰে বাকী থকা মথাউৰিৰ কামসমূহ শীঘ্ৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগীয় বিষয়াসকলক বানপানী প্ৰবল অতি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছিল।
ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে চিনাক্ত কৰি থোৱা অতি স্পৰ্শকাতৰ অঞ্চলসমূহত অতি শীঘ্ৰে বাকী থকা কামসমূহ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই স্পৰ্শকাতৰ অঞ্চলসমূহত প্ৰয়োজন সাপেক্ষে বেছি মানুহ নিয়োজি কৰি শীঘ্ৰে কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। খহনীয়া তথা মথাউৰিৰ ভগা অংশৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বাহিৰা ব্যক্তিতকৈ বিভাগীয় বিষয়াৰ পৰা আগতীয়াকৈ তথ্য লাভ কৰিলে সোনকালে ব্যৱস্থা লোৱাত সহজ হ’ব বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক প্ৰতি মুহুৰ্ততে সজাগ হৈ থাকিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
আৰু পঢ়কঃ সমগ্ৰ অসমৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্ততো বিশ্ব পৰিবেশ দিৱস উদযাপন
ধেমাজি জিলাত শেহতীয়াকৈ হোৱা জীয়াধল নদীৰ বানপানীৰ খবৰ লৈ মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াসকলক জীয়াধল আৰু গাই নদীৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডা: ৰণোজ পেগুৰ সৈতে আলোচনামৰ্মে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে যোৱা বছৰৰ বানপানীৰ সময়ত নদীসমূহৰ মাথাউৰীৰ ভঙা অংশৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰিবৰ বাবেও মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ভিডিঅ’ কনফাৰেন্সতে মন্ত্ৰী পীযুষ হাজৰীকাই ইতিমধ্যে তেওঁ পৰিদৰ্শন কৰি অহা জিলাসমূহত তেওঁ নিৰ্দেশ দিয়া ধৰণেই কামসমূহ হৈছে নে নাই সেয়া ভালদৰে নিৰীক্ষণ কৰিবলৈ জলসম্পদ বিভাগৰ উৰ্দ্ধতন বিষয়াসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জলসম্পদ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মন্ত্ৰী গৰাকীয়ে যোৱা কিছুদিনত ৰাজ্যখনৰ ১১ খন জিলা ভ্ৰমণ কৰি বানপানী আৰু খহনীয়া অধ্যুষিত অঞ্চলসমূহৰ বুজ লৈছিল।