নিউজ ডেস্ক : টকিঅ’ অলিম্পিকৰ পৰা ভাৰতলৈ সোণৰ পদক অহাৰ সম্ভাৱনা। বৰ্তমানলৈকে ভাৰতে অর্জন কৰা একমাত্ৰ ৰূপৰ পদকটো সোণলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। মণিপুৰৰ ভাৰোত্তোলক মিৰাবাই চানুৱে অর্জন কৰা ৰূপৰ পদক সোণলৈ ৰূপান্তৰিত হ’ব পাৰে।
টকিঅ’ অলিম্পিকৰ ৪৯ কিলোগ্ৰাম বৰ্গৰ ভাৰোত্তোলন খেলত সোণৰ পদক লাভ কৰা চীনৰ ঝিহুই হউৰ দপিং টেষ্ট কৰা হ’ব। চীনৰ সোণৰ পদক বিজয়ী ঝিহুই হউ যদি দপিং টেষ্টত বিফল হয় তেন্তে তেন্তে ৰূপৰ পদক অৰ্জন কৰা ভাৰতৰ মিৰাবাই চানুৰ সোণলৈ ৰূপান্তৰিত হ’ব।
জানিবলৈ পোৱা মতে টকিঅ’ অলিম্পিকৰ দপিং টেষ্ট কৰা অধিকাৰীয়ে চীনৰ সোণৰ পদক বিজয়ী ঝিহুই হউক টকিঅ’ত থাকিবলৈ কৈছে। ঝিহুই হউৰ দপিং টেষ্ট কৰাৰ বাবে টকিঅ’ত থাকিবলৈ কোৱা হৈছে।
উল্লেখ্য যে শনিবাৰে টকিঅ’ অলিম্পিকৰ ৪৯ কিলোগ্ৰাম বৰ্গৰ ভাৰোত্তোলন খেলত চীনৰ ঝিহুই হউ সোণৰ পদক অৰ্জন কৰাৰ পৰিবৰ্তে ভাৰতৰ মিৰাবাই চানু ৰূপৰ পদক অৰ্জন কৰিছিল।
লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱসত পুত্ৰ জিন্টু গগৈক সুঁৱৰি আবেগিক হৈ পৰিল পিতৃ-মাতৃ
চীনৰ ঝিহুই হউ ৪৯ কিলোগ্ৰাম বৰ্গৰ ভাৰোত্তোলন খেলত মুঠ ২১০ কিলোগ্ৰাম ওজন দাঙি সোণৰ পদক লাভ কৰি অলিম্পিকত নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। অলিম্পিকৰ নিয়ম অনুসৰি সোণৰ পদক অর্জন কৰা খেলুৱৈ যদি দপিং টেষ্টত বিফল হয় তেন্তে ৰূপৰ পদক অর্জন কৰা খেলুৱৈ গৰাকীক সোণৰ পদকেৰে সন্মানিত কৰা হয়।