এতিয়া অলিম্পিকৰ বতৰ | এই অলিম্পিকৰ মাজতে ক্ৰীড়া বিশ্বৰ আন এক সফলতা আহিছে ভাৰতীয় নাৰীৰ জৰিয়তে |
ভাৰতীয় মল্লযুজাৰু প্ৰিয়া মল্লিকৰ জৰিয়তে আহিছে এই সন্মান | হাংগেৰীৰ বুডাপেষ্টত চলি থকা বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপত প্ৰিয়াই ৭৩ কেজি শাখাত স্বৰ্ণ জয় কৰি আন এক সফলতা কঢ়িয়াই আনিছে দেশৰ বাবে |প্ৰিয়াই বেলাৰুছৰ চেনিয়া পাটাপ’ভিকক ৫-০ ব্যবধানত পৰাস্ত কৰি এই সন্মান লাভ কৰে |
মীৰাবাই চানুৰ জৰিয়তে ভাৰতে টকিঅ’ অলিম্পিকত প্ৰথমটো মেডেল লাভ কৰাৰ পিছত ভাৰতীয় মহিলা এথলীটৰ দ্বাৰা দেশৰ ক্ৰীড়া জগতক গৌৰম্বাবিত কৰাৰ খবৰটো আহে আজিৰ দিনটোত |
ভাৰতীয় কন্যাৰ শীৰত আন এক বিশ্বজয়ৰ মুকুট
অলিম্পিকৰ মাজতে আন এক সফলতা ভাৰতীয় ক্ৰীড়াবিদৰ
