অসমত টেবুল টেনিছক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে গুৱাহাটীত আয়োজন কৰিছে টি টি ইউনাইটেড প্ৰিমিয়াৰ লীগ।প্ৰথমবাৰৰ বাবে পেছাদাৰী ৰূপত টেবুল টেনিছক আগুৱাই নিয়াৰ প্ৰয়াস।

এই প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাগৰাকীও টেবুল টেনিছ তাৰকাই অংশগ্ৰহন কৰিব ।
অহা ৮ ৰ পৰা ১০ এপিললৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ।

এই লীগ অসমৰ টেবুল টেনিছ ইতিহাসত এক নবতম সংযোজন। টেবুল টেনিছৰ ক্ষেত্ৰ খনত অসমে বহু কেইগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰৰ খেলুৱৈ জন্ম দিছিল। ইয়াৰ পূৰ্বে পেছাদাৰী চিন্তাচৰ্চাৰে অনুষ্ঠিত হোৱা নাছিল টেবুল টেনিছৰ এনে বৃহৎ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতা ৰাজ্যৰ ২৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ উপৰি অসমৰ বাহিৰৰ থাকিব প্ৰায় ৩০ গৰাকী পেডলাৰ । ইয়াৰে ২০ গৰাকী খেলুৱৈ ইণ্ডিয়া ৰেকিঙৰ । এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ টেবুল টেনিছ ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে।


১৬ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ প্ৰাইজমানিও আকৰ্ষণীয় । প্ৰথম পুৰস্কাৰ ১ লাখ, দ্বিতীয় পুৰস্কাৰ ৯০ হেজাৰ, তৃতীয় পুৰস্কাৰ ধাৰ্য কৰা হৈছে ৭০ হেজাৰ টকা । দৰ্শকে বিনামূলীয়াকৈ এই প্ৰতিযোগিতাখন উপভোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে আয়োজক নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ মুখ্য প্ৰশিক্ষক মানস দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply