পি ভি সিন্ধু

নিউজ ডেস্কঃ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ বেডমিন্টন তাৰকা পি ভি সিন্ধুৱে বেডমিণ্টন এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’ব লগা হয়। শনিবাৰে খেলা ছেমি ফাইনেল খেলখনত জাপানী খেলুৱৈ আকানে য়ামাগুচিয়ে তেওঁক পৰাস্ত কৰে। ইয়াৰ লগে লগে এছিয়ান বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা বিদায় ল’ব লগা হয় সিন্ধু। এক ঘণ্টা ছয় মিনিট ধৰি চলি থকা এখন খেলত শ্বাটলাৰ পি ভি সিন্ধু ২১-১৩, ১৯-২১, ১৬-২১ ব্যৱধানত পৰাজিত হয়।

২৬ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকীয়ে আৰম্ভণিতে দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। প্ৰথমখন খেলত তেওঁ ইয়ামাগুচিৰ বিৰুদ্ধে ২১-১৩ ব্যৱধানত জয় লাভ কৰি এক উন্নত প্ৰদৰ্শন আগবঢ়ায়, কিন্তু এই ধাৰাবাহিকতা তেওঁ ধৰি ৰাখিব সক্ষম নহ’ল। জাপানী খেলুৱৈ গৰাকীৰ উন্নত প্ৰদৰ্শনে পি ভি সিন্ধুৰ আশাত চেঁচাপানী ঢালে। দ্বিতীয়খন খেলত সিন্ধু ১৪-১৩ ত আগবাঢ়ি আছিল। পিছে সিন্ধুৱে অত্যাধিক সময় লোৱাৰ বাবে জাপানৰ আকানে য়ামাগুচিক ছাৰ্ভিছ কৰিবলৈ দিয়া হয়। যাৰ ফলত ৰেফাৰীৰ লগত মতবিৰোধ হয় সিন্ধুৰ। পি ভি সিন্ধুৱে বহু সময় ধৰি মেচ ৰেফাৰীক এই কথা বুজোৱাৰ পিছতো ৰেফাৰী সন্মত হোৱা নাছিল। যাৰ ফলত জাপানৰ আকানে য়ামাগুচিৰ হাতত পৰাজয় বৰণ কৰিবলীয়া হয় পি ভি সিন্ধু।

লগতে পঢ়কঃমছজিদত মহিলাক অভব্য আচৰণ, গ্ৰেপ্তাৰ অভিযুক্ত যুৱকক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply