নিউজ ডেস্কঃ ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ এতিয়াৰে পৰা সকলো খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে।
খেলুৱৈ গৰাকীৰ সকলো খৰচ বহন কৰিবলৈ পি ভি সিন্ধুয়ে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ক এখন আৱেদন লিখিছিল। যাৰ পৰিপ্ৰেক্ষিততেই শুক্ৰবাৰে মন্ত্ৰালয়ে আবেদনৰ মঞ্জুৰ কৰে।
এতিয়াৰে পৰা সিন্ধুয়ে বিদেশত প্রতিযোগিতাত খেলিবলৈ গ’লে চৰকাৰে সকলো খৰচ বহন কৰিব। লগতে খেলুৱৈ গৰাকী প্ৰশিক্ষক বিধি চৌধুৰী আৰু ফিটনেছ ট্ৰেইনাৰ শ্ৰীকান্ত মাডাপল্লিৰ খৰচো বহন কৰিব কেন্দ্ৰীয় চৰকাৰে।
সিন্ধুৰ লগতে প্ৰশিক্ষক আৰু ফিটনেছ ট্ৰেইনাৰ ভিছাৰ খৰচ, বিমান ভাড়া, থকা- খোৱাৰ খৰচ, দৈনিক ভাত্তা ইত্যাদি সকলো খৰচ দিব চৰকাৰে।
উল্লেখযোগ্য যে, সিন্ধুৱে বৰ্তমান অল ইংলেণ্ড চেম্পিয়নশ্বিপ আৰু টেনিছ মাষ্টাৰ্ছ খেলাৰ প্ৰস্তুতি চলাই আছে। এই দুখন প্ৰতিযোগিতাৰ বাবেই কেন্দ্ৰৰ ওচৰত প্ৰশিক্ষক আৰু ট্রেইনাৰৰ খৰচৰ বাবেই আবেদন কৰিছিল সিন্ধুয়ে।