নিউজ ডেস্কঃ বন্ধুত্ব এক শক্তিশালী বন্ধন। সেই শক্তিশালী বান্ধোনৰ শক্তি পুনৰ প্ৰমাণিত হ’ল টকিঅ’ অলিম্পিকত।
১১৩ বছৰীয়া ইতিহাসত টকিঅ’ত সৃষ্টি হ’ল আন এক ইতিহাস । হাইজাম্পৰ স্বৰ্ণ আগবঢ়ালে দুই এথলীটক। প্ৰতিদ্বন্দী খেলুৱৈ আঘাত প্ৰাপ্ত হোৱাৰ বাবে অকলে স্বৰ্ণ পদক ল’বলৈ অস্বীকাৰ কাটাৰৰ মুটাজ এছা ব্ৰাছিম।
সাধাৰণতে যিকোনো ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথম হোৱা এগৰাকী খেলুৱৈকে সোণৰ মেডেল প্ৰদান কৰা হয়। পিছে এইবাৰ টকিঅ’ অলিম্পিকত এক ব্যতিক্রমী ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ’ল।
অলিম্পিকত অনুষ্ঠিত এখন খেলত একেলগে দুগৰাকী খেলুৱৈক প্ৰদান কৰা হ’ল সোণৰ পদক। দুয়োগৰাকী খেলুৱৈ দুখন বেলেগ বেলেগ দেশৰ । সোণৰ পদক অৰ্জন কৰা এজন হ’ল কাটাৰৰ আনজন ইটালীৰ।
ৰবিবাৰে অনুষ্ঠিত হোৱা পুৰুষৰ হাই জাম্প খেলত কাটাৰৰ ৩০ বছৰীয়া মুটাজ এছা ব্ৰাছিম আৰু ইটালীৰ ২৯বছৰীয়া জিয়ানমাৰ্কো টাম্বেৰীক একেলগে প্ৰদান কৰিলে সোণৰ মেডেল।

এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত কাটাৰৰ বছৰীয়া মুটাজ এছা ব্ৰাছিম আৰু ইটালীৰ ২৯বছৰীয়া জিয়ানমাৰ্কো টাম্বেৰী আৰু বেলাৰুছৰ মাকছিম তিনিওজনে একেলগে ২.৩৭মিটাৰত হাইজাম্প সমাপ্ত কৰে।
পিছে তিনিও ২.৩৯ মিটাৰ অতিক্ৰম কৰিবলৈ অসমৰ্থ হয়। কিন্তু মাকছিমে দুবাৰ সঠিককৈ জাম্প কৰাত অসফল হোৱাৰ ফলত তেওঁক তৃতীয় স্থানত ব্ৰঞ্জৰ মেডেল প্ৰদান কৰা হয়।
আনহাতে, সোণৰ মেডেলৰ বাবে মুটাজ এছা ব্ৰাছিম আৰু টাম্বেৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল।
লগতে পঢ়কঃকাইলৈ লাভলীনা বনাম বুছেনাজ চুৰমেনেলি
পিছে বন্ধুত্বৰ খাতিৰত কাটাৰৰ মুটাজ বাৰছিমে ইটালীৰ টাম্বেৰীকো প্ৰথম স্থানত ৰাখি দুয়োকে সোণৰ মেডেল দিব পাৰিব নেকি বুলি বিচাৰকক প্ৰশ্ন কৰিলে।
বিচাৰকে মুটাজৰ অনুৰুধক সন্মতি জনোৱাৰ লগে লগে মুটাজ আনন্দত জঁপিয়াই পৰিল।
এই বিৰল মূহুৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ বিশ্ববাসী। কাটাৰৰ মুটাজৰ মহানুভৱতাত মুগ্ধ হৈ ৰ’ল সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমী।
বিশ্বৰ অন্যতম ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকেয়ো বন্ধুত্বক সন্মান জনাই প্ৰদান কৰিলে এই সন্মান। টেলিভিছনৰ পৰ্দাত এই দৃশ্য প্রত্যক্ষ কৰি থকা সকলো আপ্লুত হৈ পৰিল।