নিউজ ডেস্কঃ প্ৰতিপক্ষৰ চতুৰালিৰ আগত হাৰি নামানি ত্যাগ, ধৈৰ্য্য আৰু বুদ্ধিমত্তাৰ বাবে ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দহিয়াই।
অশেষ কষ্টৰে কাজাখিস্তানৰ প্ৰতিদ্বন্দী নুৰইছলামক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৰবি দহিয়াই। আজি সমগ্ৰ পৃথিৱীয়ে ৰৱি দহিয়াৰ সহ্য আৰু সাহসীকতাক সন্মান জনাইছে।
ছেমি ফাইনেল খেলখনত কাজাখস্তানৰ খেলুৱৈজনে নক আউট কৰিবলৈ ধৰাৰ সময়চোৱাতে ৰবি দাহিয়াৰ সোহাতত দাতেঁৰে বহুত যোৰে কামুৰি দিছিল যাতে ৰবি দাহিয়াই বিষত হাত এৰি দিয়ে।

পিছে প্ৰতিপক্ষৰ চতুৰালিৰ আগত হাৰি নগ’ল ৰবি। সাধাৰণতে মানুহৰ জীৱনতো লক্ষ্যত বাধা দিবলৈ অথবা পথভ্ৰস্ত কৰিবলৈ বিভিন্ন চলনা কৰে। এই খেলখনেই যেন তাকেই প্ৰতিপন্ন কৰিলে।
লগতে পঢ়কঃ চাৰিদশকৰ পিছত ভাৰতীয় হকীলৈ অলিম্পিক পদক
কিন্তু আজি ৫৭ কিলোগ্ৰাম শাখাৰ ফাইনেলত সোণৰ পদকৰ পৰা বঞ্চিত হ’ল ৰবি। ৰাছিয়াৰ দুবাৰৰ বিশ্ব চেম্পিয়ন জাভুৰ য়ুগুয়েভৰ হাতত পৰাস্ত বৰণ কৰি ৰবি কুমাৰ দহিয়াই ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে। টকিঅ’ অলিম্পিকত ভাৰতৰ এইয়া পঞ্চমটো পদক।
হাৰিয়ানাৰ ছনিপট জিলাৰ নাহৰিত জন্মগ্ৰহণ কৰিছিল ৰবি কুমাৰ দহিয়াই। ১০বছৰ বয়সৰ পৰাই ৰবি কুমাৰ দহিয়াই মল্লযুঁজৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁৰ দেউতাক এজন কৃষক আছিল।
২০১৫বৰ্ষত Junior World Wrestling Championships ৰ ৫৫কেজি freestyle wrestling ত ৰবি কুমাৰ দহিয়াই ৰূপৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৮ বৰ্ষতো world U23 Wrestling Championships ত ৰূপৰ পদক লাভ কৰিছিল।