নিউজ ডেস্কঃ ভাৰতৰ ক্ৰিকেট দলৰ অফস্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন দখল কৰিছে আই চি চি টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীর্ষস্থান।
শেহতীয়াকৈ বলাৰ গৰাকীয়ে ইংলেণ্ডৰ পেচাৰ জেমছ এণ্ডাৰছনক চেৰ পেলাই শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।
ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত দহটা উইকেট দখল কৰা ৰবীন্দ্ৰ জাডেজাইও বলাৰৰ তালিকাত অষ্টম স্থান দখল কৰিছে।
উল্লেযোগ্য যে, ৩৬ বছৰীয়া অশ্বিনে ২০১৫ত প্ৰথমবাৰলৈ ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল তাৰ পিছত কেইবাবাৰো এই স্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় খেলুৱৈ গৰাকী।
লগতে পঢ়ক – নিশা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড চাংমাৰ গোপনীয় সাক্ষাৎ