নিউজ ডেস্ক: টেষ্ট ক্রিকেটত ৪০০ উইকেট দখল কৰা বলাৰৰ তালিকাত সোমাল টীম ইন্ডিয়াৰ ৰবিচন্দ্রন অশ্বিন৷ টীম ইণ্ডিয়াৰ তাৰকা অফ স্পীনাৰগৰাকীয়ে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দিবা–নৈশ টেষ্টৰ দ্বিতীয় দিনা এই বিৰল কৃতিত্বৰ অধিকাৰী হয়৷ ইংলেণ্ডৰ জ’ফ্রা আর্চাৰক আউট কৰি অশ্বিনে কেৰিয়াৰৰ ৪০০সংখ্যক উইকেটটো দখল কৰে৷

এই কৃতিত্ব অর্জন কৰাৰ বাবে অশ্বিনে বিশ্বৰ দ্বিতীয় দ্রুততম বলাৰ হিচাবে এই লক্ষ্যত উপনীত হয় ৷ শ্রীলংকাৰ কিংবদন্তি অফ স্পীনাৰ মুথিয়া মুৰুলীধৰণে ৭২খন টেষ্টত ৪০০ উইকেট দখল কৰাৰ বিপৰীতে অশ্বিনে আজি ৭৭খন টেষ্টত এই বিৰল অভিলেখৰ অধিকাৰী হয়৷ ইয়াৰ পূৰ্বে ৰিচার্ড হেডলী (৮০খন টেষ্ট), ডেল ষ্টেইন (৮০খন টেষ্ট), ৰংগনা হেৰথ (৮৪খন টেষ্ট) আৰু অনিল কুম্বলে (৮৪খন টেষ্ট)ক অতিক্রম কৰি বিশ্বৰ দ্বিতীয় দ্রুততম বলাৰ হিচাপে ৪০০ উইকেট দখল কৰে৷ ইফালে, টেষ্ট ক্রিকেটত ৪০০ বা ততোধিক উইকেট দখল কৰা অশ্বিন হ’ল ভাৰতৰ চতুর্থগৰাকী বলাৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply