গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত আৰম্ভ হৈছে ৰাজ্যিক পৰ্যায়ৰ ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছ্ প্ৰতিযোগিতা।

অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু স্পৰ্টছ অথৰিটী অৱ অসমৰ সহযোগত আয়োজিত প্ৰতিযোগিতাৰ ইভেন্টসমূহত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ৩৬খন জিলাৰ ৯৬৪ গৰাকী এথলীটে ভিৰ কৰিছে সৰুসজাই ষ্টেডিয়ামত।

১৪,১৬,১৮,২০বছৰ অনুৰ্ধ্ব আৰু পুৰুষ-মহিলা শাখাত পুৰুষৰ ৭৭টা আৰু মহিলাৰ ৭৬ টা ইভেন্ট অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনলৈ অধিক আগ্ৰহেৰে খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে।

১১ মাৰ্চলৈ চলিবলগীয়া প্ৰতিযোগিতাখনৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে সহায়-সহযোগিতা কামনা কৰিছে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply