বিচিচিআই দায়িত্বত সৌৰভ গাংগুলী আৰু জয় শ্বাহ থাকিবনে নাই সেই লৈ চলি থকা শুনানী আকৌ এবাৰ পিছুৱাই গ’ল দুসপ্তাহৰ বাবে ।
ন্যায়াধীশ নাগেশ বাবা আৰু বিনিথ শৰনে ইয়াৰ পূৰ্বেও এই বিষয়ৰ শুনানী পিছুৱাইছিল ।
লোধা কমিটিৰ নিয়মমতে একেৰাহে ছবছৰ ব’ৰ্ডৰ কোনো দায়িত্বত থকা ব্যক্তিয়ে পৰবৰ্তি তিনিবছৰৰ বাবে আতৰি থকাতো বাধ্যতামূলক ।
২০২০ চনৰ মাজভাগতেই সৌৰভ গাংগুলীসহ তেওৰ সতীৰ্থসকলৰ দায়িত্বৰ কাৰ্যকাল উকলি গৈছিল । সেইসময়ত কৰোনাৰ ভয়াবহ ৰূপ লোৱাৰ বাবে পুনৰ নতুন কমিটিক দায়িত্ব দিয়াৰ সম্ভব নোহোৱাৰ বাবে উচ্চতম ন্যায়ালয়ত তেওলোকৰ ম্যাদ বৃদ্ধি কৰিবৰ বাবে আবেদন কৰিছিল ।
ইয়াৰ পিছত বহুবাৰ শুনানীৰ পিছত বাৰম্বাৰ পিছুৱাই গৈছে শুনানী । এইবাৰ এই শুনানীৰ কাৰ্যকাল পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে ।
আৰু পঢ়কঃকেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আক্রান্ত হৈছে কৰ’ণাত