নিউজ ডেস্ক : সমগ্ৰ দেশজুৰি মাৰাত্মক ক’ভিডৰ তাণ্ডৱ অব্যাহত থাকৰ মাজতে ক্ৰীড়া জগতত পৰা দেশবাসীলৈ আহিছে এক ভাল খবৰ। অসমৰ বক্সাৰে পুনৰবাৰ দেশৰ নাম উজ্বল কৰিছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত অসমৰ বক্সাৰ শিৱ থাপাই পুনৰ সাফল্য লাভ কৰিছে।

ডুবাইত আইবা এছিয়ান বক্সিং প্ৰতিযোগিতাত অসমৰ বক্সাৰ শিৱ থাপাই দেশৰ নাম উজ্বল কৰি কিৰ্গিস্তানৰ বক্সাৰক পৰাস্ত কৰিছে। শিৱ থাপাই কিৰ্গিস্তানৰ বক্সাৰ ডি পুছিনক ৫-০ ব্যৱধানত পৰাস্ত কৰিছে। কিৰ্গিস্তানৰ বক্সাৰক পৰাস্ত কৰি এছিয়ান বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে শিৱ থাপাই।

অহা বুধবাৰে কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা যুঁজত নামিব কুৱেইটৰ বক্সাৰ নাদেৰ উডাহৰ বিৰুদ্ধে। বুধবাৰে কুৱেইটৰ বক্সাৰ জনক পৰাস্ত কৰিলে শিৱ থাপাই এছিয়ান বক্সিং প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হ’ব।

আৰু পঢ়কঃযোৰহাটৰ বজাৰত ধোৱাচাঙত কোভিড প্ৰটকল

প্ৰতিযোগিতাখনত শিৱ থাপাৰ লগতে আছে অসমৰ অন্য এগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। অসমৰ দুয়ো গৰাকী বক্সাৰ পৰা পদকৰ আশা কৰিছে ৰাজ্যৰ লগতে দেশৰ ক্রীড়া প্ৰেমী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply