নিউজ ডেস্কঃ দক্ষিণ কোৰিয়াৰ চেংৱনত অনুষ্ঠিত হৈ থকা শ্বুটিং ৱৰ্ল্ড কাপত ভাৰতীয় শ্বুটাৰ অৰ্জুন বাবুতাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত বিজয়ী হৈ দেশৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে। অৰ্জুনে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী লুকাছ কোজেনেস্কিক এক পক্ষীয় ভাৱে ১৭-৯ চেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

২০১৬চনৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি অহা পঞ্জাৱৰ ২৩বছৰীয়া অৰ্জুনে ইয়াৰ পূৰ্বেও ২৬১.১ স্ক’ৰ সৈতে ৰেংকিং মেচখনত শীৰ্ষত উপনীত হৈছিল।

এইয়া অৰ্জুনৰ প্ৰথমটো সোণৰ পদক। ২০১৬ চনৰ আজাৰবাইজানৰ(Azerbaijan) গাবালা (Gabala)ত অনুষ্ঠিত জুনিয়ৰ ৱৰ্ল্ড কাপত অৰ্জুনে সোণৰ মেডেল লাভ কৰিছিল।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আনগৰাকী ভাৰতীয় পাৰ্থ মাখিজাই ২৫৮.১ স্ক’ৰ সৈতে চতুৰ্থ স্থানত থাকে। ইজৰাইলৰ ৩৩বছৰীয়া ছেৰ্গেই ৰিক্টৰে ২৫৯.৯ স্ক’ৰ লাভ কৰি তৃতীয় স্থানত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply