ভাৰতীয় তাৰকা শ্বাটলাৰ পিভি সিন্ধুৰ শীৰত আন এক খিতাপ। দুবাৰকৈ অলিম্পিক পদক বিজয়ী সিন্ধুৱে আজি নিজৰ নামলৈ নিলে ছুইচ অ’পেনৰ খিতাপ।

প্ৰতিযোগিতাৰ ফাইনেলত সিন্ধুৱে থাইলেণ্ডৰ বুছাননক মাত্ৰ ৪৯ মিনিটতে ধৰাশায়ী কৰি বিজয় মুকুট অৰ্জন কৰে। সিন্ধুৱে ২১-১৬, আৰু ২১-৮ পোনপটীয়া ছেটত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে।
চলিত বৰ্ষত বিশ্ব বেডমিন্টন জগতৰ ছুপাৰ ৩০০ ছিৰিজত সিন্ধুৰ এইটো দ্বিতীয় খিতাপ। জানুৱাৰী মাহত চৈয়দ মোদী ইন্টানেচনেল ৩০০ ছিৰিজৰ খিতাপ জয়ী হৈছিল সিন্ধুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply