অহা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ অনুষ্ঠিত হ’ব। অসমৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল সমূহৰ সামগ্ৰীক উন্নয়ন গঠিত সামাজিক, সাংস্কৃতিক আৰু অৰাজনৈতিক সংস্থা সীমান্ত চেতনা মঞ্চই আয়োজন কৰিছে এই প্ৰতিযোগিতাৰ।

অসমৰ সৈতে ভূটান আৰু বাংলাদেশৰ আন্তৰাষ্ট্ৰীয় সীমাৰে সংযুক্ত হৈ থকা জিলা ওদালগুৰি, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, কাছাৰ, কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ প্ৰতিযোগী সকলৰ মাজত অনুষ্ঠিত হব এই ক্ৰীড়া মহোৎসৱ।

এই ক্ৰীড়া মহোৎসৱত লৰা ছোৱালীৰ উভয় শাখাতে ১০০, ২০০, ৮০০, ১৫০০ মিটাৰ দৌৰ, 8×১০০ মিটাৰ ৰিলে দৌৰ, ওখ জাপ, দীঘল জাপ, হামাৰ থ্ৰ’ জেভেলিন, ডিছকাচ, ভলীবল আৰু কাবাদী প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব।

লগতে পঢ়ক- হোজাইত ভুৱা পাচপৰ্ট, ভোটাৰ কাৰ্ড আৰু আধৰ কাৰ্ডসহ তিনিজনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply