কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান গ্ৰাঃ প্ৰিঃত আজি অসমৰ দুগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰে।
চন্দশেখৰন নায়াৰ পুলিচ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম গ্ৰা:পি:ত অসমক প্ৰতিনিধিত্ব কৰি পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে সোণৰ পদক অৰ্জন কৰে।
আনহাতে মহিলাৰ ২০০ মিঃ দৌৰত হিমা দাসে ৰূপৰ পদক জয় কৰে।