ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ

টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে এগৰাকী অসম সন্তানে।
অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আই পি এলৰ দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থকা শুভদ্বীপ ঘোষক এই দায়িত্ব দিয়া হৈছে।
২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব শুভদ্বীপ।
ইয়াৰ পূৰ্বে ২০১৩ চনত শুভদ্বীপ ঘোষে অসমৰ পৰা গৈ চাৰিটা ট্যুৰত ইণ্ডিয়া এ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছিল।

১৯৯৪-৯৫ চনত অসমৰ হৈ ৰঞ্জী ট্ৰফী অভিষেক ঘটোৱা শুভদ্বীপ ঘোষে ১৭খন খেলত অংশ লৈ ৩১৬ ৰান সংগ্ৰহ কৰিছিল। য’ত আছিল দুটা অৰ্ধশতৰানৰ ইনিংছ।
অসম আৰু ভাৰতীয় ৰে’লৰ হৈ ১৭খনকৈ প্ৰথম শ্ৰেণীৰ ৰঞ্জী ট্ৰফীৰ খেলত অংশ লোৱা সোঁহতীয়া বেটছমেন আৰু অফ স্পীনাৰ শুভদ্বীপ ঘোষে অসম ৰঞ্জী দলৰ প্ৰশিক্ষকৰ দায়িত্বতো আছিল।

লগতে পঢ়ক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কংগ্ৰেছৰ বিধায়কৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply