নিউজ ডেস্ক : চলিত টকিঅ’ পেৰালিম্পিকত ভাৰতে অৰ্জন কৰিলে দ্বিতীয়টো স্বৰ্ণ। জেভলিনত ভাৰতৰ হৈ সুমিত এণ্টিলে সোমবাৰে পুৰুষৰ এফ৬৪ শাখাত স্বৰ্ণ অৰ্জন কৰে।

হাৰিয়ানাৰ ২৩ বছৰীয়া এথলিট গৰাকীয়ে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত অংশগ্ৰহণ কৰি দেশলৈ এই গৌৰৱ কঢ়িয়াই আনে।

সুমিতে আজি তিনিবাৰকৈ বিশ্ব অভিলেখ ৰচনা কৰি স্বৰ্ণ জয় কৰে । প্ৰথমবাৰ ৬৬.৯৫ মিটাৰ দলিয়াই নতুন ৰেকৰ্ড স্থাপন কৰাৰ পিছত দ্বিতীয় থ্ৰ’ত ৬৮.০৮ মিটাৰ দলিয়াই আন এক ৰেকৰ্ড কৰে । পঞ্চমটো থ্ৰ’ত ৬৮.৫৫ মিটাৰ দলীয়াই পুনৰ নিজৰেই অভিলেখ ভংগ কৰি নতুন বিশ্ব অভিলেখ ৰচনাৰে স্বৰ্ণ জয় কৰে ।

উল্লেখযোগ্য যে ২০১৫ চনত সংঘটিত এক পথ দুৰ্ঘটনাত সুমিতে নিজৰ বাঁও ভৰিটো হেৰুৱাইছিল। সুমিতে পঞ্চমবাৰত ৬৮.৫৫ মিটাৰ জেভলিন দলিয়াই প্ৰথম স্থান অধিকাৰ কৰে।

অষ্ট্ৰেলিয়াৰ এথলিট Michal Burian (৬৬.২৯ মিটাৰ) আৰু শ্ৰিলংকাৰ এথলিট Dulan Kodithuwakku (৬৫.৬১)-এ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।

দিল্লীৰ ৰামজাছ কলেজৰ ছাত্ৰ সুমিতে দুৰ্ঘটনাত তেওঁৰ বাঁও ভৰিখন হেৰুৱাৰ পূৰ্বৰে পৰা জেভলিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে।

শাৰীৰিকভাৱে সম্পূৰ্ণ সক্ষম হৈ থকা অৱস্থাত তেওঁ এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে স্বৰ্ণ অৰ্জন কৰা নিৰজ চোপ্ৰাৰ বিৰুদ্ধে ইণ্ডিয়ান গ্ৰাঁ প্ৰি ছিৰিজ ৩ত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল।

২০১৮ চনত তেওঁৰ গাঁৱৰ এগৰাকী পেৰা এথলিটে সুমিতক এইবিধ ক্ৰীড়াৰ সৈতে পৰিচয় কৰাই দিয়ে।

২০১৯ চনত ডুবাইত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ এফ৬৪ জেভলিন থ্ৰ’ত সুমিতে ৰূপৰ পদক অৰ্জন কৰিছিল।

লগতে পঢ়ক : শিক্ষানুষ্ঠানৰ বাবে নতুন SOP ঘোষণা নকৰে চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply