নিউজ ডেস্ক : আৰ্জেনটিনাৰ ফুটবল ছুপাৰষ্টাৰ লিওনেল মেছিক চেৰ পেলাই দ্বিতীয় সৰ্বোচ্চ আম্তৰ্জাতিক গোল স্কোৰাৰৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ফূটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে।
সোমবাৰে বাংলাদেশক ২০২২ৰ ফিফা ৱৰ্ল্ড কাপ আৰু ২০২৩ৰ এ এফ চি এছিয়ান কাপ প্ৰতিযোগিতাৰ প্ৰি কোৱালিফায়িং মেচত ২-০ গ’লত পৰাস্ত কৰাৰ পিছতে চেত্ৰীয়ে এই ইতিহাস গঢ়ে। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ দুয়োটা গ’ল সুনীল চেত্ৰীয়ে দিছিল।
উক্ত দুটা গ’ল স্কোৰ কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চেত্ৰীৰ গ’লৰ সংখ্যা হয় ৭৪ টা। তেওঁ বৰ্তমান লিওনেল মেছিতকৈ দুটা গ’লত আগবাঢ়ি থকাৰ বিপৰীতে তৃতীয় স্থানত থকা ইউ এ ই (UAE)ৰ আলি মাবখাউতকৈ এটা গ’লত আগবাঢ়ি আছে।
লগতে পঢ়ক : বছৰটোৰ প্ৰথমটো বানত ৰাজ্যৰ প্ৰায় ৩২,০০০ লোক ক্ষতিগ্ৰস্ত
উক্ত তালিকাৰ শীৰ্ষত আছে পৰ্টুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ৰোনাল্ডোৰ গ’লৰ সংখ্যা হ’ল ১০৩ টা।
ইয়াৰ উপৰিও ভাৰতীয় দলৰ অধিনায়ক গৰাকীয়ে বিশ্ব ফুটবলৰ সৰ্বকালৰ শীৰ্ষ দহ গৰাকী ফুটবলাৰৰ ভিতৰত স্থান পাবলৈ মাত্ৰ এক গ’ল আঁতৰত আছে। তেওঁ ৭৫ টা গ’লৰ অধিকাৰী হাংগেৰিৰ ছেন্ডৰ কোকচিছ, জাপানৰ কুনিছিগে কামামোটো আৰু কুৱেইটৰ বাশ্বাৰ আব্দুলাহতকৈ এটা গ’ল পিছ পৰি আছে।
সোমবাৰৰ বিজয়ৰ সৈতে ভাৰত ৬ পইণ্টেৰে গ্ৰোপ ই-ৰ তিনি নম্বৰ স্থানলৈ ঊৰ্ধ্বগামী হৈছে। ১৫ জুনত ভাৰত আফগানিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব।
উল্লেখযোগ্য যে ভাৰতীয় দলটো ইতিমধ্যে ২০২২ৰ ৱৰ্ল্ড কাপ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে যদিও চীনত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান কাপত অংশগ্ৰহণ কৰিব পৰাৰ আশা এতিয়াও অক্ষুণ্ন আছে।