আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই আন এক নতুন লক্ষ্যৰে আগবাঢ়িছে। সংবাদমেলত আজি আগন্তুক অভিযানৰ বিষয়ে জানিবলৈ দিয়ে সাঁতোৰবিদ গৰাকীয়ে।
এইবাৰ ৰেকৰ্ড সংখ্যক ১৬৮ কিলোমিটাৰ সাঁতোৰাৰ%লক্ষ্য এলভিছ আলি হাজৰিকাৰ।
ইণ্ডো আৰবিয়ান গেটৱেৰ – গেটৱে মুম্বাই চাৰ্কুল চুইমিং নামাকৰণ কৰিছে এই যাত্ৰাক। মুম্বাইৰ আৰব সাগৰত ৮ মাৰ্চৰ পৰা আৰম্ভ কৰিব যাত্ৰা । তিনিদিন পানীতেই কটোৱাৰ বাবে সাজু হৈছে এলভিছ। এই যাত্ৰা ১০ মাৰ্চত সামৰণি পৰিব গেটৱে অব ইণ্ডিয়াত ।
সাগৰ আৰু নদীৰ পানী প্ৰদূষণ ৰোধৰ বাবে সজাগতা সৃষ্টি লক্ষ্যৰে এলভিছ আলি হাজৰিকাৰ এই অভিযান বুলি কোৱা হৈছে। চুইমিং পুল, ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান চলাই আছে প্ৰশিক্ষণ এলভিছে।
ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ বেনাৰত সাঁতুৰিব এলভিছে এই যাত্ৰাৰ বাবে ব্যয় হ’ব ১লাখ ৭০ হাজাৰ টকা।