নতুন অভিলেখ সৃষ্টিৰে ৫৩ ঘণ্টাত ভাৰত-আৰৱ গেটৱে, মুম্বাই চাৰ্কোলত সাঁতুৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী সাঁতোৰবিদৰ স্বীকৃতি লাভ কৰিছে অসম সন্তান এলভিছ আলী হাজৰিকাই।
সাগৰৰ প্ৰচণ্ড ঢৌৰ মাজত ২০০ কিলোমিটাৰ সাঁতুৰি নতুন কৃতিত্ব অর্জন কৰিলে অসমৰ এলভিছ আলী হাজৰিকাই। যোৱা ৮ মাৰ্চৰ পুৱা আৰম্ভ হোৱা এই ৰীলে সাঁতোৰ অন্ত পৰে ১০ মাৰ্চত ।


অভিলেখ সৃষ্টিকাৰী এই কষ্টকৰ জলপথ ৫৩ ঘণ্টাত সম্পূৰ্ণ কৰে এলভিছে ।উন্মুক্ত জলভাগত এনে সাঁতোৰ সম্পূৰ্ণ কৰা এলভিছেই হ’ল উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী সন্তৰণবিদ । আৰৱ সাগৰৰ মুম্বাই উপকূলৰ জলভাগত থকা বৃহৎ মাছ, জেলি ফিছ, ডলফিন আৰু সমুদ্ৰৰ উত্তাল তৰংগ অতিক্ৰম কৰি এলভিছে এই কষ্টকৰ সাঁতোৰৰ যাত্ৰা সম্পন্ন কৰে । এই জলপথত বিশেষকৈ সৰু সৰু নদীৰ মোহনাবোৰ নিশাৰ ভাগত বিপজ্জনক হৈ পৰে ।


আৰৱ সাগৰৰ উন্মুক্ত জলৰাশিত সাঁতোৰ সম্পূৰ্ণ কৰাৰ বাবে এলভিছে মহাৰাষ্ট্ৰ সাঁতোৰ সন্থা ,মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply