দীৰ্ঘ প্ৰতিক্ষাৰ অন্ত পেলাই আজি পুনৰ ক্ৰিকেটৰ পথাৰত মুখামুখি হ’ব দুই চিৰবৈৰী ভাৰত পাকিস্তান । আইচিচি ৰ T20 বিশ্বকাপৰ ছুপাৰ ১২ ৰাউন্ডৰ এই মেছখনত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান।
হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্কণ্ঠা পৰিলক্ষিত হৈছে।
বিৰাট কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।
এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল পাকিস্তানে। ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত আইচিচি ৰ T20 বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন টীম ইন্ডিয়াই দুবাৰকৈ মুখামুখি হৈ জয়ী হৈছিল ।
২০১৬ চনত ভাৰতত অনুষ্ঠিত আইচিচি ৰ T20 বিশ্বকাপত পাকিস্তান পৰাজয়ৰ সন্মুখীন হৈছিল ।
বাবৰ আজমৰ নেতৃত্বাধীন দলটোত মহম্মদ ৰিজৱান, ফকৰ জামান, মহম্মদ হাফিজ, ছোৱাইব মালিকৰ দৰে অভিজ্ঞ বেটছমেনেৰ গঠিত দলটোৱে ভাৰতীয় বলিং শক্তিক কেনেদৰে প্ৰত্যাহব্বান জনাই সেয়া দেখা যাব ।
২০১৭ চনৰ চেম্পিয়নছ ট্ৰফী এদিনীয়া ক্ৰিকেটৰ ফাইনেলত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে জয়ৰ সোৱাদ পাইছিল ।
লগতে পঢ়ক- সোণাৰিত আয়োজিত আন্ত:জিলা ফুটবল ৰণক্ষেত্ৰলৈ পৰিণত
কোহলি, ৰোহিত শৰ্মা, লোকেশ ৰাহুল, ঋষভ পন্ট, হাৰ্দিক পান্ডিয়া, ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহ আদিৰে গঠন হোৱা দলটোৱে কেনেদৰে পাকিস্তান দলৰ প্ৰত্যাহ্বান গ্ৰহন কৰে | সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেছখন কোহলীৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ হৈছে, কাৰণ এই বিশ্বকাপৰ পিছতেই নেতৃত্বৰ পৰা আতৰি যোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ।