নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ Adelaide Oval ষ্টেডিয়ামত অনুষ্ঠিত চলিত T20 বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত আজি ভাৰতে বাংলাদেশক ৫ ৰানত পৰাস্ত কৰে।
প্ৰথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৮৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে যথেষ্ট ভাল প্ৰদৰ্শন কৰে। কোহলীয়ে ৬৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰাহুলে ৫০ ৰান কৰি আউট হয়।
ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশেও বিস্ফোৰক আৰম্ভণি কৰে, অৱশ্যে দলটোৱে প্ৰথম ৭ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৬৬ ৰান সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ ফলত কিছু সময়ৰ বাবে খেল স্থগিত ৰাখিব লগীয়া হৈছিল।
পিছত খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰি বাংলাদেশক ১৫১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয় আৰু বেটিং পুনৰ আৰম্ভ কৰি বাংলাদেশে এটাৰ পিছত আনটো উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। বাংলাদেশে অন্তিম অভাৰলৈকে খেলি ৬টা উইকেটৰ বিনিময়ত ১৪৫ ৰান সংগ্ৰহ কৰে।
উল্লেখযোগ্য যে এই বিজয়ৰ পাছতে ভাৰতে ৪ খন মেচত ৬ পইন্ট অৰ্জন কৰি গ্ৰুপ ২ৰ পইন্ট তালিকাত শীৰ্ষ স্থানত উপনী হয়।
লগতে পঢ়ক – ঈশান উদয় বৃত্তি আঁচনিৰ ধন আত্মসাৎ কৰি আটক দুজন