হিমাৰ অলিম্পিক যাত্ৰা অনিশ্চয়তাত

নিউজ ডেস্ক: ধিং এক্সপ্ৰেছ হিমা দাসৰ অলিম্পিকৰ সপোন এতিয়া অনিশ্চয়তাত ।পাটিয়ালাত হোৱা ২৪ সংখ্যক ফেডাৰেশ্বন কাপত তামিলনাডুৰ এথলিট ধনলক্ষ্মীৰ হাতত পৰাজিত হয় অসমৰ হিমা দাস। ২০০ মিটাৰ দৌৰত ২২ বছৰীয়া স্প্ৰীন্টাৰ গৰাকীয়ে ২৩.২৬ ছেকেণ্ডেৰে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ২৪.৩৯ ছেকেণ্ডেৰে দ্বিতীয় স্থানতেই ৰৈ যায় ধিং এক্সপ্ৰেছ হিমা দাস।
ফেডাৰেশ্বন কাপত হিমা দাসক হৰুৱাৰ লগতে আন এক অভিলেখেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় তামিলনাডুৰ স্প্ৰীন্টাৰ গৰাকীয়ে। ১৯৯৮ চনত ভাৰতৰ প্ৰখ্যাত মহিলা দৌৰবিদ পিটি উষাই ২০০ মিটাৰত গঢ়ি থোৱা ২৩.৩০ ছেকেণ্ডৰ মিট অভিলেখ ভংগ কৰে ধনলক্ষ্মীয়ে। অৱশ্যে ২০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল ২০০২চনত তাৰকা দৌৰবিদ সৰস্বতী সাহাই।

ফেডাৰেশ্বন কাপত দ্বিতীয় স্থানত দৌৰ সম্পন্ন কৰা হিমাৰ অলিম্পিকৰ সপোন ইমানতে ভংগ হয়। ২০০ মিটাৰত অলিম্পিকৰ বাবে যোগ্যতাৰ সময় আছিল ২২.৮০ ছেকেণ্ড যদিও হিমাৰ লগতে ধনলক্ষ্মীয়ে এই সময়সীমা পাৰ কৰিব নোৱাৰিলে।

ফেডাৰেশ্বন কাপত ধনলক্ষ্মীৰ এয়া দ্বিতীয়টো জয়। ইয়াৰ পূৰ্বে ১০০ মিটাৰ দৌৰতো ধনলক্ষ্মীৰ হাতত পৰাজিত হৈছিল ভাৰতৰ আনগৰাকী তাৰকা দৌৰবিদ দূতী চান্দ। ১০০ মিটাৰত ১১.৩৯ ছেকেণ্ডত সম্পন্ন কৰে ধনলক্ষ্মীয়ে। প্ৰতিযোগিতাখনৰ আকৰ্ষণত থকা দুগৰাকীকৈ তাৰকা দৌৰবিদক হৰুৱাই শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তামিলনাডুৰ তিৰুচিৰাপল্লীৰ এইগৰাকী ২২ বছৰীয়া এথলিটগৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply