গুৱাহাটী : অসমৰ তানিয়া কুমাৰীয়ে চলিত ১৬ বছৰ অনুর্ধ অইল আইটা ছুপাৰ ছিৰি ৰাষ্ট্রীয় টেনিছ প্রতিযােগিতাৰ ছােৱালীৰ একক শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ বিদায় লৈছে। অসম টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ চচল টেনিছ প্রকল্পত চলি থকা প্রতিযােগিতাৰ আজি অনুষ্ঠিত হােৱা ছেমিফাইনেলত তানিয়াক পৰাস্ত কৰে মহাৰাষ্ট্রৰ নাইনিকা বেণ্ডৰামে। উল্লেখ্য যে তিনিটা ছেটত অন্ত পৰা মেচখনত তানিয়াই প্ৰথমটো ছেট ২-৬ ত হেৰুওৱাৰ পাছত দ্বিতীয়টো ছেট ৭-৬ ৰ ব্যৱধানত দখল কৰি প্ৰত্যাৱর্তন কৰে যদিও নির্ণায়ক তৃতীয় টেতাে নাইনিকাই ৭-৫ ত জয় কৰি ফাইনেলত প্ৰৱেশ কৰে।
উল্লেখ্য যে তানিয়াৰ পৰাজয়ৰ লগে লগে অসমৰ খিতাপ জয়ৰ আশা সমাপ্ত হয়। এতিয়া কাইলৈ হ’বলগা ফাইনেলত নাইনিকাই খেলিব অন্ধ প্রদেশৰ মন’জ্ঞনা মাড়াছুৰ বিৰুদ্ধে। স্মর্তব্য যে ছােৱালীৰ একক শাখাৰ দ্বিতীয়খন ছেমিফাইনেলত মন’জ্ঞনাই ৬-৪, ৬-২ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে ওডিছাৰ ছ’হিনী সঞ্জয় মােহান্তিক। ইফালে, ল’ৰাৰ একক শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব শীর্ষ বাচনিৰ ওডিছাৰ দেৱাশীষ ছাহু আৰু কৰ্ণাটকৰ ক্ৰিছ ত্যাগীৰ মাজত। ছেমিফাইনেলত ছাহুই ৬-৩, ৬-০ৰ পােনপটীয়া ব্যৱধানত পৰম্ভ কৰে মনিপুৰৰ ছানকে হাইছামক পৰাস্ত কৰাৰ বিপৰীতে ত্যাগীয়ে ৬-৪, ৬-২ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে গুজৰাটৰ স্মিত পাটিলক।
কাইলৈ পূৱা ৯.৩০ বজাৰ পৰা একক শাখাৰ ল’ৰা-ছােৱালীৰ ফাইনেল অনুষ্ঠিত হ’ব বুলি অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনাইছে। ইফালে, আজি অনুষ্ঠিত হয় ল’ৰা-ছােৱালীৰ ডাবলছ শাখাৰ ফাইনেল।মণিপুৰৰ যুটি বিকী ছাগলছেম আৰু ছানকে হাইছনামে ল’ৰাৰ খিতাপ জয় কৰাৰ বিপৰীতে ছােৱালীৰ খিতাপ দখল কৰে তেলেংগনাৰ বেনেলা ৰেড়ী আৰু বংগৰ ছাইজিয়ানি কেনার্জীয়ে।ফাইনেলত বেনেল আৰু ছাইজিয়ানিয়ে ৬-২, ৬-১ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে ধৰানি কাবেদ আৰু মিলী চেঙক। আনহাতে, ল’ৰাৰ ফাইনেলত মণিপুৰৰ যুটিয়ে ৬-৩, ৩-৬, ১০-৬ ৰ ব্যৱধানত পৰাস্ত কৰে দেৱাশীষ ছাহু আৰু ক্ৰিছ ত্যাগীক।
ইয়াৰ পূর্বে ছেমিফাইনেলত দেবাশীষ ছাহু আৰু ত্রিছ ত্যাগীয়ে ৬-৪, ৭-৫ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰিছিল বৰাজ গহিল আৰু সম্প্রিত শর্মাক। আনহাতে, বিকী ছাগলছেম আৰু ছানকে হাইছনামে ছেমিফাইনেলত ৬-৪, ৬-৪ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰিছিল স্মিত পেটেল আৰু নীৰজক। আনহাতে, মহিলাৰ ডাবলছৰ ছেমিফাইনেলত বেনেলা আৰু ছাইজিয়ানিয়ে ৩-৬, ৭৬, ১০-৪ ৰ ব্যৱধানত পৰাস্ত কৰিছিল আনা আৰু নাইনিকাক। তদুপৰি আনখন ছেমিফাইনেলত কাবেদ আৰু চেং যুটিয়ে ৬-৩, ১-৬, ১৬-১৪ ৰ ব্যৱধানত পৰাস্ত কৰিছিল ছাওখিয়া গাদাম আৰু প্ৰেছা ছান্টামুর্তিক।
লগতে পঢ়ক : জেঠায়েকৰ পুত্ৰ আশ্বিকেই হত্যা কৰিছিল ডিম্পলক
উল্লেখ্য যে পাঁচদিনীয়া প্রতিযােগিতাখন কাইলৈ সামৰনি পৰিব যদিও অহা ছয় ছেপ্টেম্বৰৰ পৰা অসম টেনিছ সন্থাৰ চচল টেনিছ প্রকল্প অনুষ্ঠিত হ’ব ১৪ বছৰ অনূর্ধ অইল আইটা ছুপাৰ ছিৰি ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতা। এই প্রতিযােগিতাখন সামৰণি পৰিৰ অহা ১০ ছেপ্টেম্বৰত। উক্ত প্রতিযােগিতাৰ কোৱালিফাইয়িং ৰাউণ্ডৰ মেচ অহা চাৰি আৰু পাঁচ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।