তেজপুৰঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ জীয়ৰী।

নেপালত ১১আগষ্টৰ পৰা ১৩আগষ্টলৈকে অনুষ্ঠিত এছ বি কে এফ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জেভিলনথ্ৰ’ত মহিলাৰ ৪৫উৰ্দ্ধৰ শাখাত ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰিছে তেজপুৰৰ মামু বায়নে ৷

নেপালৰ পোখৰা ষ্টেডিয়ামৰ লগতে দেশখনৰ বিভিন্ন ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত আয়োজক দেশ নেপালৰ লগতে কোৰিয়াৰ খেলুৱৈয়েও অংশ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃপ্ৰসিদ্ধ গায়ক বব ডিলানৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ গোচৰ

নবীন আৰু প্ৰবীন সকলোৰে বাবে ভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷

উল্লেখযোগ্য যে, তেজপুৰৰ পাৰ্বতীনগৰ নিবাসী প্ৰবীন খেলুৱৈ মামু বায়নে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ লগতে হজৰাপাৰ আৰু ঘৰৰ সমীপৰ ক্ৰীড়াংগনত অনুশীলন কৰি আহিছে ৷

ক’ভিড প্ৰট’কল অনুসৰি অনুষ্ঠিত প্ৰতিযোগিতাখনত তেওঁ নেপালৰ প্ৰতিযোগীক পৰাভূত কৰি প্ৰথম স্থান অৰ্জন কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply